চাইজুৰ ৰহমান, নগাঁও, ১৯ ডিচেম্বৰ: বৰপেটা জিলাত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দূৰ্নীতি-কেলেংকাৰী সংঘটিত হোৱাৰ উদাহৰণ কোনো নতুন ...
চাইজুৰ ৰহমান, নগাঁও, ১৯ ডিচেম্বৰ: বৰপেটা জিলাত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দূৰ্নীতি-কেলেংকাৰী সংঘটিত হোৱাৰ উদাহৰণ কোনো নতুন কথা নহয়। বিশেষকৈ পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ উন্নয়ন সাধনৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে যদিও মুলত একাংশ দূৰ্নীতিপৰায়ণ ব্যক্তিৰ বাবে আঁচনি সমূহৰ সফল ৰূপায়ণ নোহোৱাৰ ফলত গ্ৰাম্যাঞ্চলৰ উন্নয়ন স্থবিৰ হৈ পৰিছে। শেহতীয়াকৈ বৰপেটা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাধাকুছি গাঁও পঞ্চায়তত এনৰেগা, চতুৰ্দশ বিত্তীয় আয়োগ, অৰুণোদয়, ইন্দিৰা আৱাস যোঁজনা আদি আঁচনি ৰূপায়ণত সংঘটিত হোৱা ব্যাপক খেলিমেলি, অনিয়মৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে আচঁনি ৰূপায়ণৰ বিভাগীয় নীতি-নিৰ্দেশনাক ভৰিৰে মোহাৰি ৰাধাকুছি গাঁও পঞ্চায়তত একাংশ ঠিকাদাৰে বিভাগীয় কৰ্মচাৰী আৰু জনপ্ৰতিনিধিৰ স'তে মিলিভগত হৈ জবকাৰ্ডধাৰী হিতাধিকাৰীৰ পৰা জবকাৰ্ড নূন্যতম টকাৰ বাবদ নিজৰ লগত ৰাখি এনৰেগা আঁচনিৰ কাম মইমতালিৰে ট্ৰেক্টৰ, জেচিবিৰে সম্পাদন কৰি ৰাজহুৱা আঁচনিৰ ধন শৰাধ কৰি আহিছে। একেদৰে ইন্দিৰা আৱাস যোঁজনা, অৰুণোদয় আঁচনি আদিৰ পৰা বহু যোগ্য লোকক বঞ্চিত কৰাৰ ফলত জনপ্ৰতিনিধিৰ বিৰুদ্ধে বঞ্চিত সকলৰ মাজত ক্ষোভ পঞ্জীভূত হৈছে। আনহাতে চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে আঁচনি যুগুতৰ ক্ষেত্ৰত মনেমিলা লোকক লৈ নিৰ্মাণ কমিটি গঠন কৰি আঁচনি ৰূপায়ণৰ নামত সাধাৰণভাৱে কাম সম্পন্ন কৰি লাখ লাখ টকা একাংশ জনপ্ৰতিনিধিয়ে উদৰস্থ কৰাৰ ফলত ৰাধাকুছি গাঁও পঞ্চায়তখনত উন্নয়নৰ গতিত বাধাৰ সৃষ্টি হৈছে। জনপ্ৰতিনিধিৰ এনে দূৰ্নীতিপৰায়ণ মনোভাৱৰ বাবে পঞ্চায়তখনৰ সচেতন কেইবাজনো ব্যক্তিয়ে অচিৰেই জিলা উপায়ুক্তক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰিব বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে ৰাধাকুছি গাঁও পঞ্চায়তত এনৰেগা, ইন্দিৰা আৱাস যোঁজনা, অৰুনোদয় আঁচনি, চতুৰ্দশ বিত্তীয় আয়োগ আদি ৰূপায়ণৰ নামত সংঘটিত লাখ লাখ টকাৰ ব্যাপক খেলিমেলি, অনিয়ম, দূৰ্নীতি-কেংলেকাৰী সন্দৰ্ভদ পৰৱৰ্তী সময়ত প্ৰতিবেদন আকাৰে নাম-তথ্যসহ প্ৰকাশ কৰা হ'ব। ইফালে ৰাধাকুছি গাঁও পঞ্চায়তখনক কমিচনৰ অংকেৰে গৰু বজাৰত পৰিণত কৰিব বিচৰা একাংশ জনপ্ৰতিনিধিৰ গৰ্হিত মনোভাৱৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমাজ সচেতক সকলৰ মাজত।
No comments