Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাজো- বড়গাওৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উমেশ শৰ্মাৰ মৃত্যুত শোক

গণ বাৰ্তা, হাজো, ১০ ডিচেম্বৰ : হাজো-বড়গাও নিৱাসী তথা পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ উমেশ চন্দ্ৰ শৰ্মাই কালি নিশা ৬.৩৮ বজা...


গণ বাৰ্তা, হাজো, ১০ ডিচেম্বৰ : হাজো-বড়গাও নিৱাসী তথা পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ উমেশ চন্দ্ৰ শৰ্মাই কালি নিশা ৬.৩৮ বজাত এপʼল হস্পিটেলত মৃত্যু বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৬ বছৰ। ১৯৫৪ চনত জন্ম গ্ৰহণ কৰা শৰ্মাই ১৯৭৬ চনৰ ১১ চেপ্টেম্বৰত  পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিল আৰু পৰবৰ্তী সময়ত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০১৪ চনৰ ৩১জানুৱাৰীত সুখ্যাতিৰে অৱসৰ গ্ৰহণ কৰে। শিক্ষাৰ্থী সকলৰ মাজত শিক্ষক হিচাপে অতিকৈ জনপ্ৰিয় আছিল শৰ্মা। তেখেতৰ মৃত্যুত পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী, ছাত্র- ছাত্ৰী, বড়গাও গাওঁ উন্নয়ন সমিতি, বড়গাও বাৰগোপাল যুৱক সংঘ, পাচগাও উন্নয়ন সমাজকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুস্থান- প্ৰতিষ্ঠান, ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে। মৃত্যুৰ সময়ত শৰ্মাই অশীতিপৰ মাতৃ , এগৰাকী ভাতৃ, পত্নী, একমাত্ৰ পুত্ৰ, সহ অগণন গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

No comments