Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজ্যৰ বধিৰ সকলৰ সমস্যা সমাধানৰ দাবী: সমস্যা সমাধান নহলে নিৰ্বাচনত চৰকাৰে ভূগিব পৰিনাম

গণবাৰ্তা বিশেষ, যোৰহাট, ২১ ডিচেম্বৰ :  ৰাজ্যৰ বিভিন্ন স্থানত বাস কৰি থকা বধিৰ সকলে দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰি আহি...


গণবাৰ্তা বিশেষ, যোৰহাট, ২১ ডিচেম্বৰ :  ৰাজ্যৰ বিভিন্ন স্থানত বাস কৰি থকা বধিৰ সকলে দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছে। বধিৰ সকলৰ বিভিন্ন সমস্যা সমূহ সমাধান কৰিবৰ বাবে দীৰ্ঘ দিন ধৰি অসম বধিৰ সন্থাই দাবী উত্থাপন কৰি আহিছে যদিও কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাটো অতি পৰিতাপৰ বিষয়। এই বধিৰ সকল বিভিন্ন ক্ষেত্ৰত কেৱল বঞ্চনাৰ বলি হৈ আহিছে। দেশৰ অন্যান্য ৰাজ্য সমূহত বধিৰ সকলৰ বাবে যিমান সুবিধা কৰি দিয়া হৈছে, ইয়াৰ বিপৰীতে কিন্তু অসমৰ বধিৰ সকল চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। চৰকাৰে বিভিন্ন ক্ষেত্ৰত বধিৰ সকলৰ উন্নয়ন সাধন তথা সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতি দিয়ে যদিও সেইয়া প্ৰতিশ্ৰুতি হৈয়ে ৰয়। ইয়াৰ পৰা বুজা যায় যে বধিৰ সকলক বিভিন্ন ৰাজনৈতিক দল সমূহে কেৱল ভোট বেংক হিচাপে হে ব্যৱহাৰ কৰি আহিছে। যদি চিৰকাৰে বধিৰ সকলৰ বিভিন্ন সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে তেন্তে ইয়াৰ পৰিনাম তেওঁলোকে আগন্তুক নিৰ্বাচন ত ভোগ কৰিব লাগিব। "এই গুৰুতৰ অভিযোগ অসম বধিৰ সন্থাৰ। আজি যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেল ত এই অভিযোগ উত্থাপিত কৰি সদৌ অসম বধিৰ সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শৰ্মাই কয় যে, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বধিৰ সকলৰ নিযুক্তিৰ সুবিধা আছে যদিও, বৰ্তমানো বহু বিভাগত বৃহৎ পৰিমাণৰ পদ খালি হৈ আছে, যদিও চৰকাৰে এই পদ সমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। নিযুক্তিৰ ক্ষেত্ৰত খালি হৈ থকা ৪৪১৯ টা পদত নিযুক্তি আগন্তুক জানুৱাৰী মাহৰ ভিতৰত চৰকাৰে সম্পন্ন কৰিবই লাগিব। অন্যথা বিভিন্ন প্ৰতিবন্ধী সংগঠনৰ ঐক্য বদ্ধ প্রচেষ্টা ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব। আৰু ইয়াৰ ফলত সৃষ্টি হব পৰা যিকোনো পৰিস্থিতি ৰ বাবে ৰাজ্য চৰকাৰে ই দায়ী হব লাগিব।  আনহাতে চৰকাৰক সন্থাৰ তৰফৰ পৰা বহু বছৰৰ পৰা বধিৰ সকলৰ বাবে শিক্ষাৰ উপযুক্ত পৰিবেশ আৰু ২৬ দফীয়া দাবী কাৰ্যকৰী কৰিবৰ বাবে আন্দোলনৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে চেষ্টা কৰিছে। কিন্তু চৰকাৰে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাই। সেয়েহে চৰকাৰৰ অন্যায় অনীতিৰ বিৰুদ্ধে অসম বধিৰ সন্থাই অহা বছৰৰ পৰাই পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। সেইবাবে সন্থাই জিলাই জিলাই সংগঠন শক্তিশালী কৰি তুলিছে। ইয়াত বধিৰ অভিভাৱক সকলকো একগোট কৰি লোৱা হব। সংবাদমেল ত সাধাৰণ সম্পাদক শৰ্মাই লগতে কয় যে, ৰাজ্যৰ বধিৰ সকলৰ সৰ্বাংগীন উন্নয়ন তথা তেওঁলোকৰ বিভিন্ন সমস্যা সমূহ সমাধান কৰাৰ লক্ষ্যঃ আগত লৈ ১৯৬০ চনতে অসম বধিৰ সন্থাই জন্ম লাভ কৰিছিল। অসম বধিৰ সংস্থা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দিব্যংগ শ্ৰেণীটোৰ কল্যাণৰ বাবে কাম কৰা একমাত্ৰ পুৰণি বে চৰকাৰী সন্থা। এই অনুষ্ঠান তো ৰাষ্ট্ৰীয় বধিৰ ফেডাৰেচন আৰু আন্ত ৰাষ্ট্ৰীয়  ফেডাৰেচন ৰ স্বীকৃতি প্ৰাপ্ত। অসম বধিৰ সন্থাই ৰাজ্য খনৰ বধিৰ সকলৰ লগতে সকলো শ্ৰেণীৰ দিব্যঙ্গৰ  জলন্ত সমস্যা সমূহৰ সমাধান ৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। লগতে অসম বধিৰ সন্থাই জিলাই জিলাই সমিতি গঠন কৰি বধিৰ সকলে যাতে সাধাৰণ মানুহৰ লগত মিলা প্ৰীতিৰে কথা বতৰা হব পাৰে , বধিৰ সকলৰ মনৰ ভাৱভঙ্গী ধ্যান ধাৰণা গভীৰ ভাৱে আত্মবিশ্লেষণ কৰি তেওঁলোকক আধুনিক সমাজৰ অংশীদাৰ হোৱাত সহযোগ কৰিব পাৰে সেই প্ৰচেষ্টা ও সন্থাই হাতত লৈছে। ইয়াৰ অংশ হিচাপে উজনি অসম বধিৰ সংস্থা গঠন কৰি উজনিৰ আটাইকেইখন জিলাক সামৰি লোৱা হৈছে। উজনি অসমৰ জিলা কেইখন ত বধিৰ সকল শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰি আছে। বধিৰ সকলৰ বাবে বিজ্ঞান সন্মত ভাবে এই অঞ্চলত কোনো শিক্ষানুষ্ঠান গঢ়ি উঠা পৰিলক্ষিত হোৱা নাই। সমাজ সচেতন ব্যক্তি, ৰাজনৈতিক নেতাও এইক্ষেত্ৰত আগবাঢ়ি অহা নাই। স্বাধীনোত্তৰ কালৰ পৰাই ৰাজনৈতিক দল সমূহে বধিৰ সকলক শোষণ আৰু বঞ্চিত কৰি অহাৰ লগতে দিব্যংগ শ্ৰেণীটোক ভোট বেংক হিচাপে হে ব্যৱহাৰ কৰিছে। উজনি অসমৰ যোৰহাট ত চৰকাৰী ভাবে যিখন বধিৰ বিদ্যালয় স্থাপন হৈছে সেইখন ১৯৯৬ চন ত অসম বধিৰ সন্থাৰ আন্দোলনৰ পটভূমিত চৰকাৰে স্থাপন কৰিবলৈ বাধ্য কৰোৱা হৈছে। বধিৰ সকলে আন্দোলন নকৰিলে চৰকাৰে যে কোনো গুৰুত্ব প্ৰদান নকৰে, ইয়ো এক প্ৰমাণ। বৰ্তমান উক্ত বিদ্যালয় খন আজি পৰ্যন্ত হাইস্কুল পৰ্যায়লৈ স্বীকৃতি প্ৰদান নকৰাটো অতি পৰিতাপৰ বিষয়। যাৰ বাবে বধিৰ ছাত্ৰ ছাত্ৰীয়ে আধাতে শিক্ষা সামৰিব লগীয়া হৈছে। তদুপৰি বিদ্যালয় খনত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অভাৱ। বধিৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দিবলৈ হলে প্ৰতিজন শিক্ষকৰ ভঙ্গীমা ভাষাৰ প্ৰশিক্ষণ থকাটো প্ৰয়োজন। এই সুবিধা খিনিও অসমত নাই। তদুপৰি ছাত্ৰ ছাত্ৰী অনুপাতে প্ৰয়োজনীয় শিক্ষকো চৰকাৰে নিযুক্তি দিয়া নাই। শিক্ষাৰ অধিকাৰ আইন অনুসৰি বধিৰ শিক্ষাৰ বাবে চাইন লেংগুৱেজ প্ৰয়োগ কৰাটো অতিকৈ প্ৰয়োজন। কিন্তু আজিলৈকে অসমত তেনে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন হোৱা নাই। আজিৰ সংবাদমেল ত যোৰহাট জিলা বধিৰ সন্থাৰ প্ৰাক্তন সভানেত্ৰী সুবৰ্ণ বৰা, বধিৰ সকলৰ দুভাষী কুঁৱলী বেজবৰুৱা প্ৰমুখ্যে বিষয় ববীয়া উপস্থিত থাকে।

No comments