গণ বাৰ্তা, মৰাণ, ২১ ডিচেম্বৰঃ উজনি অসমৰ মৰাণত অহা ৭, ৮ আৰু ৯ তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ লাইখুটা আজ...
গণ বাৰ্তা, মৰাণ, ২১ ডিচেম্বৰঃ উজনি অসমৰ মৰাণত অহা ৭, ৮ আৰু ৯ তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ লাইখুটা আজি স্থাপন কৰা হয় । মৰাণৰ আহোম পথাৰত অনুষ্ঠিত হ'ব লগা এই অভিৱৰ্তনৰ লাইখুটা স্থাপন কৰে অসম চৰকাৰৰ পৰ্যতন বিভাগৰ প্ৰাক্তন উপ সঞ্চালক নৱজ্যোতি বৰাই । মা-প্ৰসাদৰ শৰাই আগবঢ়াই গায়ন-বায়নেৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতিৰে স্থাপন কৰা এই অনুষ্ঠানটোত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলৰ আহ্বায়কৰ লগতে কেইবাটাও দল-সংগঠনৰ বহু সংখ্যক লোক উপস্থিত থাকে । অনুষ্ঠানটোত ৰাইজৰ দলৰ মুখ্য আহ্বায়ক লুহিত গগৈৰ লগতে দলটোৰ কেইবাজনো আহ্বায়কে সংবাদ মাধ্যমৰ আগত ২০২১ বিধানসভা নিৰ্বাচনত বিজেপিক পুলিয়ে পুঘাৰে উভালি পেলোৱাৰ হ'ব বুলি মন্তব্য কৰাৰ লগতে অভিৱৰ্তনখন সাফল্যমণ্ডিত কৰিবলৈ সকলো ৰাইজকে আহ্বান জনায় । ( প্ৰণৱ ডেকাবৰুৱা, মৰাণ )
No comments