Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাকসা-ওদালগুৰিত ২১টা সমষ্টিত আজি ভোটঃ১৩.৫৬ লাখ ভোটাৰে নিৰ্ণয় কৰিব ১৩০ প্ৰাৰ্থীৰ ভাগ্য

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ ডিচেম্বৰ ঃ ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দলৰ হাইভল্টেজ প্ৰচাৰ তথা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ অন্তত কাইলৈ পুৱা ৭ বজাৰ পৰা ...


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ ডিচেম্বৰ ঃ ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দলৰ হাইভল্টেজ প্ৰচাৰ তথা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ অন্তত কাইলৈ পুৱা ৭ বজাৰ পৰা বিটিএডিৰ বাক্সা আৰু ওদালগুৰি জিলাত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ পৰিষদীয় নিৰ্বাচন। জিলা দুখনৰ ২১টা সমষ্টিক সামৰি হ’বলগীয়া প্ৰথম পৰ্যায়ৰ এই পৰিষদীয় নিৰ্বাচন তথা ভোট গ্ৰহণৰ সময়ত যাতে কোনোধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে জিলা প্ৰশাসনে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত চিৰাং আৰু কোকৰাঝাৰ জিলাত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ হোৱাত স্বাভাৱিকতে নিৰ্বাচনৰ সময়ত ৰক্তাক্ত পৰিস্থিতিৰ আশংকাত এইবাৰ নিৰাপত্তাৰ দিশটোক লৈ অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত যদি প্ৰয়োজন হয় তেনেহ’লে পুনৰবাৰ পিছদিনা পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। 

আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ১০ ডিচেম্বৰ, অৰ্থাৎ বৃহস্পতিবাৰে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন তথা ভোটগ্ৰহণত বাক্সা আৰু ওদালগুৰি জিলাৰ ২১টা সমষ্টিৰ মুঠ ১৩০গৰাকী প্ৰাৰ্থীৰ ভাগ্য বেলট পেপাৰত বন্দী হ’ব। জিলা দুখনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৩,৫৬,৪২২ গৰাকী। ইয়াৰে বাক্সা জিলাত ভোটাৰৰ সংখ্যা ৭,৪২,৭৯৯ গৰাকী। একেদৰে জিলাখনৰ ১১টা সমষ্টিৰ বাবে প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থীৰ সংখ্যা ৭০গৰাকী। জিলাখনৰ ৭০গৰাকী প্ৰাৰ্থীৰ বাবে ৯৩২টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। জিলাখনৰ ৯৩২টা ভোট কেন্দ্ৰৰ ভিতৰত ১২২টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ, ১৯৯টা স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰিছে প্ৰশাসনে। আনহাতে ওদালগুৰি জিলাৰ অন্তৰ্গত দহটা পৰিষদীয় সমষ্টিৰ বাবে মুঠ ৬০গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 

জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ৬,১৪,০২৩গৰাকী। একেদৰে জিলাখনত কাইলৈৰ নিৰ্বাচনৰ বাবে ৮০৭টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ৫৭টা অতি স্পৰ্শকাতৰ আৰু ১৬৮টা ভোট কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নিত হৈছে। স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰসমূহত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। প্ৰথমবাৰৰ বাবে বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি-কংগ্ৰেছ, বিপিএফ, এআইইউডিএফ, ইউপিপিএল, গণ সুৰক্ষা পাৰ্টীসহ ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দলে দলীয় প্ৰাৰ্থী আগবঢ়াই পৰিষদ দখল কৰিবলৈ অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান।

No comments