Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মিৰ্জাত যতীন মালীৰ কাম-কাজত ক্ষুব্ধ হৈ কংগ্ৰেছ নেতা গিৰীণ ঠাকুৰীয়া সহ দুই শতাধিকৰ অগপত যোগদান

গণবাৰ্তা, পলাশবাৰী, ১৭ ডিচেম্বৰ:  অসমৰ আঞ্চলিক ৰাজনীতিৰ ভেঁটিত পলাশবাৰী এক শক্তিশালী দুৰ্গ আছিল। কিন্তু পূৰ্বৰ বিশ্বাসঘাটক নেতা সকলে নিজৰ ৰা...

গণবাৰ্তা, পলাশবাৰী, ১৭ ডিচেম্বৰ:  অসমৰ আঞ্চলিক ৰাজনীতিৰ ভেঁটিত পলাশবাৰী এক শক্তিশালী দুৰ্গ আছিল। কিন্তু পূৰ্বৰ বিশ্বাসঘাটক নেতা সকলে নিজৰ ৰাজনৈতিক সুবিধাৰ বাবে দলটোৰ এই ভেঁঁটি থানবান কৰিলে। বিশ্বাসঘাটক এই নেতা সকলক আজি পলাশবাৰীৰ জনতাই ভালকৈ চিনিব পাৰিছে। সেয়েহে দলটোৰ ভেঁটি পুনঃ নিৰ্মাণ কৰিবলৈ ৰাইজ ওলাই আহিছে। আজি অগপৰ পলাশবাৰী বিধান পৰিষদৰ উদ্যোগত আয়োজন কৰা এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই তীক্ষ্ণ বাক্য বানেৰে প্ৰাক্তন অগপৰ বিধায়ক যতীন মালীক নাম উল্লেখ নকৰাকৈ সমালোচনা কৰে অগপৰ জ্যেষ্ঠ নেতা ডাঃ কমলা কলিতাই। এই উপলক্ষে আজি পলাশবাৰীৰ মিৰ্জাত থকা দলটোৰ মুখ্য কাৰ্যালয় চৌহদত অনুষ্ঠিত অগপৰ এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ প্ৰভাৱশালী নেতা তথা সাধাৰণ সম্পাদক ডাঃ কমলা কলিতাই ভাষণ প্ৰসংগত কয় এই বিশ্বাসঘাটক নেতা গৰাকীৰ বাবে ১৯৮৫ চনতে অগপ ত্যাগ কৰি কংগ্ৰেছৰ পৰা বিধান সভাত নিৰ্বাচনত অৱতীৰ্ণ হোৱা জাতীয়তাবাদী নেতা তথা জ্যেষ্ঠ অধিবক্তা গিৰীণ ঠাকুৰীয়া আজি আকৌ অগপলৈ ঘূৰি আহিছে। এয়াই প্ৰমাণ কৰে যে অগপৰ প্ৰতি মানুহৰ হৃদয়ত এতিয়াও ভালপোৱা সজীৱ হৈ আছে। তেওঁ লগতে কয় - দলীয় সমৰ্থক সকলে এতিয়াও সবল নেতৃত্বৰ আস্থা লাভৰ বাবে অপেক্ষা কৰি আছে। উল্লখ্য যে ১৯৭১ চনত সদৌ অসম ছাত্র সন্থাৰ কোষাধ্যক্ষ তথা পৰৱৰ্তীকালত সদৌ অসম উকীল সন্থাৰ প্ৰাক্তন সভাপতি হিচাপে  কাৰ্যনিৰ্বাহ কৰা জ্যেষ্ঠ অধিবক্তা তথা স্থানীয়  গিৰীণ ঠাকুৰীয়াই অগপত যোগদান কৰা ঘটনাই স্বাভাৱিকতে পলাশবাৰী অগপক শক্তিশালী কৰাত অৰিহণা যোগাব । এই যোগদান কাৰ্যসূচীয়ে বিৰোধী দল কংগ্ৰেছৰ এক বৃহৎ ক্ষতি সাধন কৰিব। উল্লেখ্য যে আজি কংগ্ৰেছ দলৰ ছয়ানী বৰদুৱাৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক কবীন্দ্ৰ কুমাৰ দাসসহ উক্ত ব্লক কংগ্ৰেছৰ অন্তৰ্গত আমৰাঙ্গা মণ্ডল কংগ্ৰেছৰ সভাপতি কনক কলিতা, উপ- সভাপতি ধনেশ্বৰ চৌধুৰী, কোষাধ্যক্ষ ভাস্কৰ জ্যোতি দাস, সহ সম্পাদক মালব্য মহন্ত, কংগ্ৰেছ দলৰ উক্ত  গাওঁ পঞ্চায়তৰ একমাত্ৰ ৱাৰ্ড সদস্য সীমান্ত দাসৰ লগতে ডেৰ শতাধিক পুৰুষ মহিলা কংগ্ৰেছ কৰ্মীয়ে অগপত আনুষ্ঠানিক ভাৱে যোগদান কৰে। আনহাতে চিমিনা, ফটুৰী, দখলা তথা ৰঙামাটি বাঢ়ন্টি গাওঁ পঞ্চায়তৰ শতাধিক কংগ্ৰেছ কৰ্মীসহ আজি ২৪৬ কংগ্ৰেছীয়ে অগপত যোগদান কৰা ঘটনাৰ অন্তৰালত পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী যতীন মালীৰ প্ৰতি থকা ক্ষোভ আৰু অ-নীতিবুলি মুকলি ভাৱে প্ৰকাশ কৰে। দলীয় টিকট আৰু গামোচা লৈ অগপত আনুষ্ঠানিক ভাৱে যোগদান কৰি জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন কংগ্ৰেছ দলৰ মানৱ অধিকাৰ সেৱা সমিতিৰ অধ্যক্ষ গিৰীণ ঠাকুৰীয়াই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় - ১৯৮৫ চনতে পলাশবাৰীৰ প্ৰাক্তন বিধায়ক এগৰাকীয়ে গোলাঘাটৰ অসম গণ পৰিষদৰ জন্ম সভালৈ তেওঁলোকক যাবলৈ নিদিলে। সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বত থকাৰ পিছতো এই সকল নেতাৰ বাবে আমি অনিচ্ছা সত্বেও আঞ্চলিক ৰাজনীতি এৰিব লগীয়া হৈছিল। আজি আকৌ শক্তিশালী নেতা কমলা কলিতাৰ নেতৃত্বত পলাশবাৰীত অগপৰ উত্থান হৈছে, সেই বাবে দলটোলৈ উভতি আহি ভাল লগিছে বুলি তেওঁ মন্তব্য কৰে। আনহাতে ছয়ানী বৰদুৱাৰ ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কবীন্দ্ৰ কুমাৰ দাসে প্ৰাক্তন বিধায়ক যতীন মালী এজন ধূৰন্ধৰ নেতা বুলি মন্তব্য কৰি অগপত যোগদান কৰিব বাধা দিবলৈ কালি নিশা তেওঁৰ ঘৰলৈ গৈ প্ৰলোভন দিছিল বুলিও কয়। আজি দলত নতুনকৈ যোগদান কৰা সকলোকে উষ্ম আদৰণি জনাই অগপ নেতা ডা কমলা কলিতাই দলীয় টিকট আৰু গামোচা পিন্ধায় । এই যোগদান কাৰ্যসূচীৰ সঞ্চালনা কৰে অগপ দলৰ পলাশবাৰী বিধান পৰিষদৰ সভাপতি ড: অৱনী দাসে। পলাশবাৰী বিধান পৰিষদৰ সম্পাদক প্ৰণব দাসে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানৰ আঁত ধৰে কামৰূপ জিলা অগপৰ সভাপতি আদিত্য ৰাভাই। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অগপৰ পলাশবাৰী বিধান পৰিষদৰ উপ সভাপতি শ্ৰীকান্ত চৌধুৰীক, সম্পাদক পৰাগ দাস, পলাশবাৰী ছাত্র পৰিষদৰ সভাপতি জোন গোস্বামী আদিয়ে ।

No comments