Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যমুনামুখৰ মোৰাঝাৰত কংগ্ৰেছৰ সাংগঠনিক সভা; ৰেজিয়া চুলতানা,মাহমদ হুছেইনক প্ৰাৰ্থীত্ব দিয়া দাবী

ছাদিকুজ জামান, মোৰাঝাৰ ,১৩ ডিচেম্বৰ:  অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক নাচিৰ উদ্দিন ফাৰুকীৰ নেতৃত্বত যমুনামুখৰ মোৰাঝাৰত ক...


ছাদিকুজ জামান, মোৰাঝাৰ ,১৩ ডিচেম্বৰ: অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক নাচিৰ উদ্দিন ফাৰুকীৰ নেতৃত্বত যমুনামুখৰ মোৰাঝাৰত কংগ্ৰেছৰ সাংগঠনিক সভা কালি সন্ধিয়াৰ ভাগত হৈ যায়৷এই সভাৰ আঁত ধৰে  যুৱ নেতা নাসিৰ উদ্দিন ফাৰুকীয়ে৷সভাত  উপস্থিত থাকে মোৰাঝাৰ জিলা পৰিষদৰ সদস্যা ৰেজিয়া চুলতানা আৰু চৌধুৰী বজাৰ জিলা পৰিষদৰ সদস্য কামাল ফাৰুকী, অকচেক পথাৰ গাঁও পঞ্চায়তৰ সভাপতি খাইৰুল ইছলাম,মোৰাঝাৰ গাওঁ পঞ্চায়তৰ সভাপতি হিফজুৰ ৰহমান,চাৰিংৰ সভাপতি নজমূল ইছলাম ,বুৰুঙাতলিৰ সভাপতি ৰুহুল ইছলামসহ কেইবাজনো পঞ্চায়ত প্ৰতিনিধি আৰু মণ্ডল কংগ্ৰেছৰ সভাপতি-সম্পাদক সকল৷কেবা শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থকাৰ  লগতে যমুনামুখ সমষ্টি সমিতিৰ  যুৱ কংগ্ৰেছৰ সভাপতি চাইদুল ইছলাম,জ্যেষ্ট কংগ্ৰেছ নেতা জয়নাল আবদিন,অলিউৰ ৰহমান,যমুনামুখ সমষ্টিৰ যুৱ কংগ্ৰেছৰ চচিয়েল মিডিয়া ক-অৰডিনেটৰ চামছুল আলম উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷সভাত ডবকাকেন্দ্ৰীক ৰাজনীতিৰ অৱসান ঘটাই যমুনামুখৰ পুব অঞ্চলৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী দিয়াৰ দাবীত  সিদ্ধান্ত গ্ৰহণ কৰা হয়৷যুৱ নেতা নাসিৰ উদ্দিন ফাৰুকী আৰু প্ৰাক্তন জিলা পৰিষদৰ চেয়াৰমেন ৰেজিয়া চুলতানা প্ৰাৰ্থীত্ব প্ৰত্যাসী বুলি সভাত কংগ্ৰেছ কৰ্মীয়ে দাবী জনায়৷মুঠতে পুব অঞ্চলৰ পৰা প্ৰাৰ্থী দিয়াৰ দাবী কংগ্ৰেছ মহলৰ৷কিন্ত যুৱ নেতা নাসিৰ উদ্দিন ফাৰুকীৰ ভাষণত জ্যেষ্ঠ কংগ্ৰেছ নেতা মাহমদ হুছেইন আৰু ৰেজিয়া চুলতানা টিকটৰ দাবীদাৰ বুলি প্ৰকাশ পাই উঠে৷তেওঁ কয় নিষ্ঠাবান কংগ্ৰেছীক দলে টিকট দিব লাগে,কংগ্ৰেছত থাকি বিজেপিৰ বি টিমৰ হৈ কাম কৰা কাকো টিকট দিয়া নহয়  তাৰ দাবী তুলি সকলো কৰ্মীয়ে দুগুণ উৎসাহেৰে কাম কৰিবলৈ আহব্বান জনায়৷সভাত প্ৰাক্তন হোজাই জিলা পৰিষদৰ চেয়াৰমেন  ৰেজিয়া চুলতানাই ভাষণ প্ৰসংগত  কয় আমি চৌধুৰী বজাৰ-মোৰাজাৰ জিলা পৰিষদ ক্ৰেডিট নেতাৰ লগত নাই ৷কিন্তু তেওঁ যে কয় ৪ জন জিলা পৰিষদৰ সদস্য লগত আছে ।সেই অদৃশ্য সকল কোন ?তেওঁ জানিব বিচাৰে৷এইদৰে মুকলিকৈ এক উওাত্ব ভাষণ প্ৰদান কৰে৷লগতে তেওঁ কয় হোজাই জিলা পৰিষদ খন কংগ্ৰেছৰ দখলত আছিল কিন্ত ডবকাৰ এজন নেতাই বিজেপিৰ দখলত নি দিলে৷এনে নেতাৰ পৰা সমষ্টিয়ে মুক্তি পাব লাগে৷

No comments