Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দশকৰ শ্ৰেষ্ঠ টেষ্ট দলৰ অধিনায়কৰূপে কোহলী, এদিনীয়াৰ ধোনীক বাছনি আইচিচিৰ

নতুন দিল্লী, ২৯ ডিচেম্বৰ: ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীক আইচিচিয়ে এই দশকৰ নিজৰ শ্ৰেষ্ঠ টেষ্ট দলৰ অধিনায়কৰূপে বাছনি কৰিছে। কোহলীৰ উপৰি এই দল...


নতুন দিল্লী, ২৯ ডিচেম্বৰ: ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীক আইচিচিয়ে এই দশকৰ নিজৰ শ্ৰেষ্ঠ টেষ্ট দলৰ অধিনায়কৰূপে বাছনি কৰিছে। কোহলীৰ উপৰি এই দলত ভাৰতৰ কেৱল ৰবিচন্দ্ৰন আশ্বিনে স্থান লাভ কৰিছে। টেষ্ট ক্ৰিকেটৰ দুই মহান বেটছমেন এলেষ্টৰ কোক আৰু কুমাৰ সাংগাকাৰাই এই দলত স্থান লাভ কৰিছে। কোকক অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্নাৰৰ সৈতে অপেনাৰ বেটছমেনৰূপে বাছনি কৰিছে। আনহাতে  সাংগাকাৰাক উইকেটকীপাৰ ৰূপে    বাছনি কৰা হৈছে। এই দলৰ তৃতীয় স্থানত আছে নিউজিলেণ্ডৰ বৰ্তমানৰ অধিনায়ক কেন উইলিয়ামছনক। চতুৰ্থ,পঞ্চম আৰু ষষ্ঠ স্থানৰ বাবে বাছনি কৰা হৈছে কোহলী, স্মিথ আৰু সাংগাকাৰাক। আনহাতে অলৰাউণ্ডাৰৰূপে বাছনি কৰা হৈছে বেন ষ্টোকক। দলটোত স্পিনাৰ বলাৰৰূপে কেৱল আশ্বিনক বাছনি কৰা হৈছে। আনহাতে দ্ৰুত বেগী বলাৰৰূপে দক্ষিণ আফ্ৰিকাৰ ডেল ষ্টেন, ইংলেণ্ডৰ জেমছ এণ্ডাৰছন আৰু ষ্টোৱাৰ্ড ব্ৰাডক বাছনি কৰা হৈছে। আনহাতে ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক আইচিচিয়ে এই দশকৰ নিজৰ ৫০ অভাৰৰ দলৰ অধিনায়কৰূপে বাছনি কৰিছে। এই দলত ধোনীৰ উপৰি ভাৰতৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে স্থান লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্নাৰ আৰু মিছেল ষ্টাৰ্কও এই দলত স্থান লাভ কৰিছে। বাংলাদেশৰ চাকিব আল হাছান আৰু ইংলেণ্ডৰ বেন ষ্টোকছও দলৰ সদস্যৰূপে স্থান লাভ কৰিছে। এই দুয়োজনক অলৰাউণ্ডাৰৰূপে বাছনি কৰা হৈছে। আনহাতে দক্ষিণ আফ্ৰিকাৰ ইমৰান তাহিৰক দলত দ্বিতীয় স্পিনাৰৰূপে বাছনি কৰা হৈছে। দক্ষিণ আফ্ৰিকাৰ এবি ডিভিলিয়াৰ্চকো এই দলৰ বাবে বাছনি কৰা হৈছে। আনহাতে নিউজিলেণ্ডৰ দ্ৰুত বেগী বলাৰ ট্রেণ্ট বৌল্টকো এই দললৈ বাছনি কৰা হৈছে। ইয়াৰ বিপৰীতে আইচিচিৰ এই দশকৰ শ্ৰেষ্ঠ মহিলাৰ এদিনীয়া দলত ভাৰতৰ হৈ মিতালী ৰাজ আৰু ঝুলন গোস্বামীক বাছনি কৰা হৈছে। এই এদিনীয়া দলৰ অধিনায়কৰূপে মেগ লেনিংগক বাছনি কৰা হৈছে। ইয়াৰ উপৰি অষ্ট্ৰেলিয়াৰ এলিছা হিলী আৰু এলিছা পেৰীকো দলত স্থান দিয়া হৈছে।


No comments