Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিয়তিৰ ওচৰত হাৰ মানিলে চতিয়াৰ মেধাবী ছাত্ৰী শিল্পীশিখা শইকীয়াই

গণ বাতা চতিয়া ,২০ ডিচেম্বৰ :  চতিয়াৰ হাজাৰীমল নিবাসী মেধাবী ছাত্ৰী শিল্পীশিখা শইকীয়াৰ কালি নিশা চিকিৎসাধীন অৱস্থাতে গুৱাহাটী মেডিকেল কলেজত ম...


গণ বাতা চতিয়া ,২০ ডিচেম্বৰ : চতিয়াৰ হাজাৰীমল নিবাসী মেধাবী ছাত্ৰী শিল্পীশিখা শইকীয়াৰ কালি নিশা চিকিৎসাধীন অৱস্থাতে গুৱাহাটী মেডিকেল কলেজত মৃত্যু হয় ৷দীৰ্ঘদিন ধৰি SLE নামৰ জটিল ৰোগৰ বিৰুদ্ধে যুজ দি অৱশেষত কালি নিশা নিয়তিৰ ওচৰত হাৰ মানিলে শিল্পী শিখাই ৷৷হাজাৰী মলৰ দিলীপ শইকীয়া নামৰ এজন সাধাৰণ কৃষকৰ জ্যেষ্ঠ কন্যা শিল্পী শিখাই  কিবা এটা কৰাৰ অযুত বাসনা লৈ গণ মাধ্যমত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল ৷৷গনমাধ্যমৰ ছাত্ৰী হিছাপে শিল্পীশিখাৰ নাচ, গীত, নাটকত আছিল বিশেষ প্ৰতিভা ৷ প্ৰতিভাৰ আকৰ শিল্পীশিখাৰ দুচকুত অলেখ সপোনে ভুমুকি মৰাৰ সময়তে ২০১৪  চনত সপোনবোৰ চুৰমাৰ কৰিবলৈ SLE নামৰ ৰোগবিধত আক্ৰান্ত হয় ছাত্ৰী গৰাকী ৷ এই ৰোগত ভোগা ৰোগীৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা হয় ৷২০১৪  চনৰ পৰাই ছাত্ৰী গৰাকীৰ পৰিয়ালে মাটি বাৰী বেছি দিল্লী, চেন্নাইৰ নামী দামী চিকিৎসালয়ত চিকিৎসা কৰাই আহিছিল ৷ ছাত্ৰী গৰাকীয়ে নিজে আক্ৰান্ত হোৱা জটিল ৰোগবিধৰ বিষয়ে জানিছিল যদিও অদম্য মনোবলৰে ৰোগক পৰাভুত কৰিবলৈ যুঁজ দি গৈছিল ৷ শিল্পী শিখাই ভোগা ৰোগবিধৰ একমাত্ৰ চিকিৎসা আছিল লিভাৰ সলনি কৰা ৷ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটোৰ বাবে ইমান খৰছী চিকিৎসা সম্ভৱ নাছিল ৷ জীৱনৰ জটিল সময় ছোৱা ত শুভাকাংখী আৰু গুনমুগ্ধই ছাত্ৰী গৰাকীৰ পৰিয়ালটোক মানসিক আৰু কিছুপৰিমানে আৰ্থিক সাহাৰ্য আগবঢ়াইছিল যদিও নিষ্ঠুৰ নিয়তিক বাধা দিবলৈ সক্ষম নহল ৷৷ছচিয়েল মিডিয়াত সততে সৰৱ হৈ থকা শিল্পীশিখাই নিজৰ লিখনিৰে অসংখ্য গুনমুগ্ধক আপোন কৰি লবলৈ সক্ষম হৈছিল ৷ কালি নিশা শিল্পীৰ মৃত্যুৰ খবৰ লাভ কৰি অসংখ্য লোকে দুখ প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰে ৷৷আজি শিল্পীৰ মৃতদেহ নিজ গৃহলৈ অনাৰ সময়ত বহুলোক বাসগৃহত উপস্থিত হৈ অশ্ৰুসিক্ত নয়নৰে শিল্পী শিখাক শেষ বিদায় জনায় ৷

No comments