গণ বাৰ্তা, ৰৌতাচাৰিআলি, ২০ ডিচেম্বৰ : সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ 'আগছু'ৰ ওদালগুৰি জিলা সমিতিৰ এলেকাস্থ ৰৌতা আঞ্চলিক সমিতিৰ উ...
গণ বাৰ্তা, ৰৌতাচাৰিআলি, ২০ ডিচেম্বৰ : সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ 'আগছু'ৰ ওদালগুৰি জিলা সমিতিৰ এলেকাস্থ ৰৌতা আঞ্চলিক সমিতিৰ উদ্যোগত অইন বছৰৰ দৰে এইবেলিও ৰৌতাচাৰিআলিৰ সমীপৱৰ্তী ভানুচ'ক উচ্চ ইংৰাজী বিদ্যালয় প্ৰাংগণৰ খেল পথাৰত অহা ২৬ ডিচেম্বৰৰ পৰা স্বতন্ত্ৰ সেনানী দলবীৰ সিং লোহাৰৰ সোঁৱৰণীত ষষ্ঠ "দলবীৰ সিং লোহাৰ ট্ৰফী "ক্ৰিকেট খেলাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । এই ক্ৰিকেট খেলাৰ প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন স্বতন্ত্ৰ সেনানী দলবীৰ সিং লোহাৰৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি অহা ২৬ জানুৱাৰীৰ দিনা অনুষ্ঠিত কৰা হ'ব । সেয়েহে ৰঙা টেনিছ বলেৰে (মাৰুতি বলেৰে ) অনুষ্ঠিত হ"ব লগা এই প্ৰতিযোগিতাখনত যোগদান কৰিব বিচৰা দলৰ নাম পঞ্জীয়নৰ বাবে মাছুল হিচাপে দুই হাজাৰ পাছ শ টকা ধাৰ্য কৰা কৰাৰ লগতে প্ৰতিযোগিতাৰখনত জয়লাভ কৰা দলক ৩৫ হাজাৰ টকাসহ ট্ৰফী আৰু বিজিতদলক ২৫ হাজাৰ টকাসহ ট্ৰফী প্ৰদান কৰা হ'ব । গতিকে এই ক্ৰিকেট খেলা প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰাৰ কাৰণে ইচ্ছুকদলে ৮৭৬১০৩৭৩৭১ নাইবা ৯৮৫৯৩৫১১১৩ অথবা ৭০০২৬৭৬৭৭৫ নম্বৰৰ উপৰিও ৭০০২৪৯৮৯৫৮ ম'বাইলৰ নম্বৰত যোগাযোগ কৰিবলৈ ৰৌতা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সম্পাদক মহেন্দ্ৰ ভেটোৱাল আৰু খেল পৰিচালনা আয়োজক সমিতিৰ সভাপতি চন্দ্ৰ আচাৰ্যৰ লগতে সম্পাদক পদ্মে ওলিয়ে অনুৰোধ জনাইছে ।
No comments