ডুমডুমাৰ পৰা মাইনু মৰাণ: ২২ ডিচেম্বৰ: মৰাণ জনজাতিক জনজাতিকৰন কৰা আৰু বিভিন্ন দাবী সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে মাহী আইৰ দৃষ্টি দিয়াত চৰকাৰক ...
ডুমডুমাৰ পৰা মাইনু মৰাণ: ২২ ডিচেম্বৰ: মৰাণ জনজাতিক জনজাতিকৰন কৰা আৰু বিভিন্ন দাবী সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে মাহী আইৰ দৃষ্টি দিয়াত চৰকাৰক তীব্র ভাষাৰে সমালোচনা কৰিছে মৰাণ জাতীয় সংগঠন সমূহে। মৰাণ সকলক বঞ্চনা কৰাৰ পৰিনাম চৰকাৰে ভুগিব লাগিব বুলি মৰাণ জনজাতীয় সংগঠন ক্ৰমে সদৌ মৰাণ ছাত্ৰ সন্থা, অসম মৰাণ সভা, মৰাণ জাতীয় মহিলা পৰিষদ, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ, মৰাণ সাহিত্য সভাই স্পষ্ট কৰি দিছে। ইফালে, মৰাণ সকলৰ স্থানীয় সমস্যা সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডে মুঠেও গুৰুত্ব আৰোপ নকৰাত ক্ষোভ প্ৰকাশ কৰে। অইলৰ এনে বঞ্চনা মৰাণ জনজাতীয় সংগঠন কেইটাই সহজ ভাবে নলয় বুলি উল্লেখ কৰি আজিৰে পৰা ঘোষনা কৰা ২৪ ঘন্টিয়া অইল অৱৰোধ, বন্ধ কাৰ্যসূচী তীব্রতৰ কৰি তোলা বুলি বুলি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুনিন দুৱৰাই জানিবলৈ দিছে। মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে জনোৱা মতে, আজি তিনিচুকীয়া জিলাৰ মাকুম, তিনিচুকীয়া, বাৰেকুৰী, হেবেদা, বাঘজান আদি একাধিক অঞ্চলত অইলৰ খনন, উৎপাদন আৰু পৰিবহনত বাধা প্ৰদান কৰাৰ লগতে বন্ধ কৰি দিছে।মৰাণ জনজাতিক অৱহেলা, বঞ্চনা কৰিলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলিও মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুনিন দুৱৰাই স্পষ্ট কৰি দিছে। অন্যহাতে, মৰাণ জনজাতিক প্ৰবঞ্চনা কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও শীঘ্ৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুনিন দুৱৰাই উল্লেখ কৰে।
No comments