আজিজুল হক, ভেল্লা , ১৬ ডিচেম্বৰ: বৰপেটা চহৰখনক ৰেলৱে মানচিত্ৰৰ সৈতে সাঙুৰি লোৱাৰ লগতে ইয়াত ৰেলৰ ভেকুৱাম ব্ৰেকৰ আৱিস্কাৰক গুৰুপ্ৰসাদ দাসৰ প্...
আজিজুল হক, ভেল্লা , ১৬ ডিচেম্বৰ: বৰপেটা চহৰখনক ৰেলৱে মানচিত্ৰৰ সৈতে সাঙুৰি লোৱাৰ লগতে ইয়াত ৰেলৰ ভেকুৱাম ব্ৰেকৰ আৱিস্কাৰক গুৰুপ্ৰসাদ দাসৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ ৰেলৱে কৰ্তৃপক্ষক লোকসভাৰ সাংসদ আব্দুল খালেকে অনুৰোধ জনাইছে। আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জিলা উন্নয়ন আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত সভাপতিত্ব কৰি সাংসদ গৰাকীয়ে কয় যে বৰপেটা কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ জন্মস্থান। সেয়ে ৰেলৱে কৰ্তৃপক্ষই ইয়াত ৰেলৱে ষ্টেচন স্থাপন কৰি তাত গুৰুপ্ৰসাদ দাসৰ প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে বুলি তেওঁ পৰামৰ্শ দি কয় যে, বৰপেটা এখন ঐতিহ্য মণ্ডিত স্থান তথা জিলা সদৰ। সেয়েহে চহৰখনক ৰেল পথেৰে সংযোজিত কৰাৰ বাবে তেওঁ ইতিমধ্যে সংসদতো বিষয়টো উত্থাপন কৰি অহা বুলি জানিবলৈ দিয়ে। স্থানীয় পৰ্যায়তো এই বিষয়টো ৰঙিয়া সংমণ্ডলৰ দ্বাৰাও আগভাগ লোৱাৰ সাংসদজনে পোষকতা কৰে। সভাত উপস্থিত থকা ৰঙিয়া ৰেলৱে সংমণ্ডলৰ সহকাৰী মাণ্ডলিক প্ৰৱন্ধক অৰবিন্দ লায়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদ, ভৱানীপুৰ সমষ্টিৰ বিধায়ক আবুল কালাম আজাদ, উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসৰ উপৰি সভাত সকলো বিভাগৰ জিলা মুৰব্বী বিষয়া সকল, অতিৰিক্ত উপায়ুক্ত সকল, সাংসদ নৱ শৰনীয়া আৰু সৰুক্ষেত্ৰীৰ বিধায়কৰ প্ৰতিনিধিৰ উপৰি আঞ্চলিক পঞ্চায়ত আৰু একাংশ গাওঁ পঞ্চায়তৰ প্ৰতিনিধিও উপস্থিত থাকে। সভাত প্ৰতিটো বিভাগৰে চলিত উন্নয়ন মূলক কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ উপৰি সামগ্ৰিক ভাৱে আঁচনি সমূহৰ কামৰ পৰ্যালোচনা কৰা হয়। সাংসদ গৰাকীয়ে বিষয়া সকলক কেন্দ্ৰীয় আঁচনিৰ কাম-কাজ হাতত লওতে সাংসদৰ সৈতেও আলোচনাৰ পৰামৰ্শ দিয়ে। তদুপৰি আঁচনি সমূহৰ দ্বাৰা জনসাধাৰণ যাতে সৰ্বতোপ্ৰকাৰে উপকৃত হয় তাৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। সভাৰ আৰম্ভণীতে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই সাংসদ আৰু বিধায়ক সকলক ফুলাম গামোছাৰে আদৰণি জনায়।
No comments