সঞ্জয় সৰকাৰ, কাজলগাঁঁও , ২৬ ডিচেম্বৰঃ বিজনী যুৱক সংঘৰ উদ্যোগত চলা টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত কোকৰাঝাৰ ক্ৰিকেট কোচিং চেণ্টাৰ আৰু বিজনীৰ চি...
সঞ্জয় সৰকাৰ, কাজলগাঁঁও , ২৬ ডিচেম্বৰঃ বিজনী যুৱক সংঘৰ উদ্যোগত চলা টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত কোকৰাঝাৰ ক্ৰিকেট কোচিং চেণ্টাৰ আৰু বিজনীৰ চিণ্ময় ইলেভেন ক্লাবে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত আজিৰ প্ৰথমখন খেলত কোকৰাঝাৰে গুৱাহাটীৰ এছ জি ইলেভেনক ২৪ ৰানত পৰাজিত কৰে। প্ৰথমে বেটিং কৰি কোকৰাঝাৰে আটাইকেইটা উইকেট হেৰুৱাই নিৰ্ধাৰিত ২০ অ'ভাৰত ১৩৪ ৰান কৰাৰ বিপৰীতে গুৱাহাটীয়ে ১১০ ৰানত ইনিংছ সামৰে। বিজয়ী দলৰ ৰাহুল সৰকাৰ মেন অৱ দ্য মেচ বিবেচিত হয়। আনহাতে আনখন খেলত বিজনীৰ চিণ্ময় ইলেভেনে কোকৰাঝাৰৰ বেষ্ট ইলেভেনক ৮ উইকেটত পৰাজিত কৰে। প্ৰথমে বেটিং কৰি বেষ্ট ইলেভেনে ২০ অ'ভাৰৰ ৮ উইকেটৰ বিনিময়ত১৪০ ৰান কৰাৰ বিপৰীতে চিন্ময় ইলেভেনে দুই উইকেটৰ বিনিময়ত জয়ৰ লক্ষ্যত উপনীত হয়।বিজয়ী দলৰ হৈ ৩৬ বলত ৬৪ ৰান কৰি মেন অৱ দ্য মেচ বিবেচিত হোৱা অসম ৰঞ্জি দলৰ খেলুৱৈ স্বৰূপম পুৰুকায়স্থক বঁটা প্ৰদান কৰে বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়ে । কাইলৈৰ খেলত আলিপুৰ জংচন ক্লাবৰ বিপৰীতে গুৱাহাটীৰ খানাপাৰা দল অৱতীৰ্ণ হ'ব।
No comments