Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডবকা এম ই স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ফখৰ উদ্দিন চৌধুৰীক বিদায় সম্বৰ্ধনা

  কফিল, হোজাই ২৩ ডিচেম্বৰ:  হোজাই জিলাৰ অন্তৰ্গত ডবকা এম ই স্কুলত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ফখৰ উদ্দিন চৌধুৰীক আজি আনুষ্ঠানিক বি...

 


কফিল, হোজাই ২৩ ডিচেম্বৰ: হোজাই জিলাৰ অন্তৰ্গত ডবকা এম ই স্কুলত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ফখৰ উদ্দিন চৌধুৰীক আজি আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ শিক্ষক গৰাকীয়ে চাকৰিৰ পৰা আনুষ্ঠানিক অৱসৰ লোৱা উপলক্ষে বিদ্যালয় চৌহদত এখন সভা অনুষ্ঠিত কৰি কৃতী শিক্ষক গৰাকীক বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ শিক্ষাবিদ মাখন চন্দ্ৰ বিশ্বাসৰ পৌৰোহিত্যত অনুষ্ঠিত  সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মনিকা বেগমে ৷ সভাত ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেচনৰ আৰ্থিক সাহায্যত বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে ফাতিমা ৱেলফেয়াৰ চ'চাইটিৰ সভাপতি আব্দুল জলিল আৰু সম্পাদিকা জাহানাৰা বেগমে ৷ ডবকা এম ই স্কুল কৰ্তৃপক্ষই ২০১৮ বৰ্ষত বিদ্যালয়ৰ গৃহ পুনঃনিৰ্মাণৰ বাবে ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেচন কৰ্তৃপক্ষলৈ এখন আবেদনপত্ৰ দিছিল । উক্ত আবেদন পত্ৰখন গ্ৰহণ কৰি গৃহ নিৰ্মাণৰ বাবে প্ৰথমে ২,৭৩,০০০.০০ (দুই লাখ তেসত্তৰ হেজাৰ) টকা মঞ্জুৰ কৰি গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰে । পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ কাৰ্যালয় ভৱন, চৌহদৰ পকী দেৱালয়, মূল প্ৰৱেশদ্বাৰত এখন আটকধুনীয়া তোৰণ, লোৰ গেট, চৌহদ মাটিৰে ভৰপূৰ কৰা আদি কামত প্ৰায় ৭ লাখ টকা ব্যয় কৰি আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰে ৷সভাত সন্মানীয় অথিতি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ডবকাৰ ড৹ বি আৰ আম্বেদকাৰ হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল জলিল পাটোৱাৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মুজিবুৰ ৰহমান, বিজ্ঞান শিক্ষক ছাবিৰ আহমেদ, হিন্দী শিক্ষক সামছ উদ্দিন বৰভূঞা, বুৰহান উদ্দিন তালুকদাৰ, তাজ উদ্দিন, হীৰা বৰভুঞাই ৷বিদ্যালয়ৰ ন-পুৰনি ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফখৰ উদ্দিন চৌধুৰীক গামোচা, শৰাই, জাপি, মানপত্ৰৰে বিপুল সম্বৰ্ধনা জনোৱা হয় ৷ উক্ত সভাত বহু কেইগৰাকী শিক্ষকে অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ফখৰ উদ্দিন চৌধুৰীৰ কৰ্মৰাজিৰ উপৰত বক্তব্য প্ৰদান কৰে ৷ সভাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হোজাই জিলা সভাপতি কফিল উদ্দিন বৰভুঞাৰ লগতে বিদ্যালয়খনৰ বহু কেইগৰাকী প্ৰাক্তন শিক্ষাৰ্থিক একোখনকৈ ফোলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

No comments