Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিব্ৰুগড়ত জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সামগ্ৰী-চেক বিতৰণ

  গণ বাৰ্তা, ডিব্ৰুগড়, ২৩ ডিচেম্বৰঃ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনে ডিব্ৰুগড়ৰ পল্টন বজাৰত থকা কাৰ্যালয়ত এই বছৰৰ বাবে জাকাতৰ ...

 


গণ বাৰ্তা, ডিব্ৰুগড়, ২৩ ডিচেম্বৰঃ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনে ডিব্ৰুগড়ৰ পল্টন বজাৰত থকা কাৰ্যালয়ত এই বছৰৰ বাবে জাকাতৰ (দান) সামগ্ৰী সমূহ কিছুদিন আগতে বিতৰণৰ কৰাৰ পাছত অলপতে সমাজৰ গৰিব দুখীয়া সকলৰ মাজত সামগ্ৰী তথা আৰ্থিক ভাৱে দুৰ্বল ছাত্র-ছাত্ৰী সকলক চেক বিতৰণ কৰে। ২০০৮ চনতে তেতিয়াই ডিব্ৰুগড়ত জাকাত এণ্ড ইমদাদ ফাউণ্ডেচন নাম দি এটি শক্তিশালী কুৰি জনীয়া ট্ৰাষ্ট গঠন কৰা হৈছিল  আৰু তেতিয়াৰ পৰাই প্ৰতিবছৰে এই জাকাত বা দান সমাজৰ গৰিব দুখীয়া তথা অসহায় লোকৰ মাজত বিতৰণ কৰি আহিছে। প্ৰতিবছৰে এই জাকাতৰ ধন বিশেষকৈ শিক্ষা, স্বাস্থ্য আদি শিতানত ব্যয় কৰাৰ লগতে দুখীয়াক ঘৰ বান্ধি দিয়া, দোকান বনাই সামগ্ৰী আদি কিনি দিয়া,পঢ়ি থকা ছাত্ৰ-ছাত্ৰীয়ে যেন উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে পঢ়াৰ সম্পূৰ্ণ দায়িত্বৰে আৰ্থিক সাহাৰ্য প্ৰদান কৰা, ৰিক্সা, ঠেলা, চিলাই মেচিন, কম্পিউটাৰ আদি কিনি দি দুখীয়া হিতাধিকাৰীক স্বাৱলম্বী কৰি তোলাই হৈছে এই ট্ৰাষ্টৰ মুখ্য উদ্দেশ্য। ইছলামৰ পঞ্চ স্তম্ভৰ অন্যতম হৈছে জাকাত বা দান যিটো  সমাজৰ ধনী ব্যক্তি সকলে দুখীয়াৰ বাবে দিয়াটো বাধ্যতামূলক বুলি পৱিত্ৰ কোৰান হাদিছত কোৱা আছে আৰু সেয়েহে ট্ৰাষ্টি সকলৰ লগতে বিশেষকৈ ডিব্ৰুগড়ত থকা ধনী শ্ৰেণীৰ লোকসকলে তেওঁলোকৰ আয়ৰ অংশ এটি  স্বইচ্ছাই এই ট্ৰাষ্টলৈ আগবঢ়ায়। সেয়েহে ট্ৰাষ্টি সকলে এই জাকাতৰ ধন ব্যক্তি সকলৰ পৰা বিশেষকৈ ৰমজান মাহত সংগ্ৰহ কৰে। ২০২০ বৰ্ষটো সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো ক'ৰণা ভাইৰাছ বা কোভিদ-১৯ এ যি আতংক ময় পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই ভয়াবহতালৈ চাই আৰু চৰকাৰী লকডাউনৰ নিয়মাৱলীৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰাখি জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ ট্ৰাষ্টিয়ে লকডাউনৰ সময় চোৱাত সমাজৰ গৰিব, দুখীয়া, অভাৱগ্ৰস্ত সকলক  চাউল, দাইল, মিঠাতেল, চুজি, আটা,  চেনি আদিকে ধৰি প্ৰায় সোতৰ বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ এটিকৈ টোপোলা প্ৰায় ৫ শ জন দুখীয়া হিতাধিকাৰীক ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰে অৰ্থাৎ এই বছৰ নগদ ধনৰ পৰিৱৰ্তে খাদ্য সামগ্ৰী আদি বিতৰণ কৰে। সেই উদ্দেশ্যে ডিব্ৰুগড়ৰ পল্টন বজাৰত থকা কাৰ্য্যালয়ত এই জাকাত বিতৰণৰ ব্যৱস্থা কৰা হয়।ইয়াৰ পিছত ডিব্ৰুগড়ৰ থকা এম এফ হস্পিতাল কণফাৰেঞ্চ কক্ষত, অসম চিকিৎসা মহাবিদ্যালয়ৰ কেম্পাছকে আদি কৰি কেবা ঠাইতো পঢ়ি থকা উচ্চ শিক্ষাৰে শিক্ষিত ছাত্ৰ-ছাত্ৰীক চেক বিতৰণ কৰে। কোভিডৰ পৰিপ্ৰেক্ষিতত বহুতো ল'ৰা-ছোৱালীক পিতৃ-মাতৃয়ে ঘৰৰ পৰা আৰ্থিক সাহায্য দিব পৰা নাছিল, যাৰ বাবে তেওঁলোকৰ পঢ়া শুনাত সম্পূৰ্ণ ৰূপে  ব্যাঘাত হৈছিল, তেনে এগৰাকী দুখীয়া ছাত্ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ এম বি বি এছ পাঠ্যক্ৰমৰ  চূড়ান্ত বৰ্ষৰ ছাত্র, এল এল বি পঢ়ি থকা চূড়ান্ত বৰ্ষৰ দুএগৰাকী ছাত্ৰী আৰু ডন বস্ক' স্কুলত পঢ়ি থকা ছাত্র এজনক অলপতে উপযুক্তভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে। সমাজৰ বৃদ্ধ দুখীয়া তথা অসহায় লোক সকলক ঔষধ পাতি কিনাৰ বাবদ নগদ ধন, কইনাৰ বিবাহৰ বাবে নগদ ধন, দুখীয়াক ঘৰ বান্ধি দিয়া, চাইকেল, ৰিক্সা, ঠেলা, ভ্ৰাম্যমাণ দোকান, চিলাই মেচিন, কম্পিউটাৰ, শাৰিৰীক ভাৱে বাধাগ্ৰস্ত লোকক, আকস্মিক দুৰ্ঘটনাত পতিত, কৰ্কট বা তেনেধৰণৰ মুমূৰ্ষু ৰোগীক উপযুক্ত চিকিৎসা সাহাৰ্য আদিৰে সকাহ দি সেই সকলৰ মুখত হাঁহি বিৰিঙাইছে আৰু এনেদৰে  বিভিন্ন শিতানত এই জাকাত আৰু ইমদাদৰ ধন বিতৰণ কৰা হয়। এক নিৰ্দিষ্ট নিয়ম নীতিৰ মাজেৰে অকল ভাৰতীয় বুলি প্ৰমাণ বা পৰিচিত নাগৰিককহে আৰু জিলা খনৰ ভিতৰত থকা লোককহে এই সেৱা আৰু সুবিধা আগবঢ়োৱা হয়।জাকাত বিতৰণৰ পিছত ট্ৰাষ্টৰ নিয়ম অনুযায়ী প্ৰতি বছৰে হিচাপ পৰীক্ষকৰ দ্বাৰা অডিত কৰাই ৰাজহুৱা ভাৱে এই হিচাপৰ সবিশেষ জনোৱা হয়। উল্লেখযোগ্য যে ইয়াৰে ইমদাদ ফান্দৰ ধন অন্যান্য সম্প্ৰদায়ৰ লোককো বিভিন্ন সময়ত স্বাস্থ্য, শিক্ষা আদিৰ বাবে দি প্ৰতিবছৰে সহায় কৰি থকা হৈছে। ইতিমধ্যে এই ট্ৰাষ্টৰ পৰা সহায় লৈ কেইবাজনো ব্যক্তি অসমৰ বাহিৰৰ পৰা চিকিৎসা কৰি আহি সুস্থ হৈ আহিছে। এই সম্পৰ্কে জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সভাপতি ডাক্তৰ চাজিদ আহমেদ আৰু সম্পাদক নাচিৰ চুলতানে কয় যে সমাজৰ গৰিব দুখীয়া তথা অসহায় লোক সকলক আমি কোনো ধৰণৰ হিন্দু-মুছলিম বাচ-বিচাৰ নকৰি যিমান পাৰোঁ বিনামূলীয়া চিকিৎসা আৰু কৰ্কট বা অন্যান্য  দুৰাৰোগ্য ৰোগী সকলক নগদ টকা পইচাৰে সহায় কৰি উপকৃত কৰিছো আৰু কৰি যাম এয়াই আমাৰ মুখ্য উদ্দেশ্য আৰু মানৱ ধৰ্ম বুলি ভাৱো। ট্ৰাষ্টৰ সভাপতি আৰু সম্পাদকে এই ক্ষেত্ৰত ৰাইজক আগুৱাই আহি সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনোৱাৰ  লগতে ট্ৰাষ্টি সকলে যি নিষ্ঠা আৰু সততাৰ এই কামত পূৰ্ণ সহযোগ আগবঢ়াইছে তাৰ শলাগ লয়। প্ৰতিবছৰে একোগৰাকী বিশিষ্ট ব্যক্তি অথবা প্রশাসনৰ ব্যক্তিৰ দ্বাৰা জাকাত আৰু ইমদাদ ফাউণ্ডেচনৰ ধন, সামগ্ৰী আৰু চেক আদি বিতৰণ কৰি অহা হৈছে বুলিও তেওঁলোকে কয়।

No comments