ষ্টাফ ৰিপৰ্টাৰ ,৩০ ডিচেম্বৰ : যোৱা ২৮ ডিচেম্বৰৰ পৰা যোৰহাট গড়মূৰ পি ডব্লিউ ডি কলনিৰ ইঞ্জিনীয়াৰিঙ পাছ কৰা দিগন্ত বৰা নামৰ এজন যুৱকজন নিখো...
ষ্টাফ ৰিপৰ্টাৰ ,৩০ ডিচেম্বৰ : যোৱা ২৮ ডিচেম্বৰৰ পৰা যোৰহাট গড়মূৰ পি ডব্লিউ ডি কলনিৰ ইঞ্জিনীয়াৰিঙ পাছ কৰা দিগন্ত বৰা নামৰ এজন যুৱকজন নিখোজ হৈ আছে । আৰু বৰ্তমানেও কোনো শুং সূত্ৰ পোৱা নাই । পিতৃ উপেন বৰা মাতৃ বুলুমণি বৰাৰ পুত্ৰ দিগন্ত নিখোজ হোৱাটো এক ৰহস্যজনক বুলি পৰিয়ালৰ লোকে উল্লেখ কৰে । ২৮ ডিচেম্বৰৰ দিনা যুৱকজন ঘৰৰ পৰা ওলাই আহিছিল এখন এ এচ ০-৩-টি ৬০০৪ নাম্বাৰৰ চুপাৰ স্পেলণ্ডাৰ মটৰ চাইকেলেৰে । পাছত উক্ত মটৰ চাইকেল খন নিমাতী ঘাটৰ সমীপত দুই নং বুলহেডৰ ওচৰত গৰাকী বিহীন ভাৱে পৰি থকাত নিমাতী আৰক্ষী চকীৰ আৰক্ষী বিষয়াই খবৰ পাই নিখোজ যুৱক জন যোৰহাট গড়মূৰ P W D কলনীৰ বুলি জানিব পাৰে । নিমাতী আৰক্ষী চকীৰ বিষয়াৰ তৎপৰতাত এচ ডি আৰ এফ বাহিনীক খবৰ দিয়াত এচ ডি আৰ এফ বাহিনীৰ ডুবাৰু আহি ব্ৰহ্মপুত্ৰত বিচাৰিছিল যদিও বাতৰি লেখা সময়লৈকে কোনো সম্ভেদ উলিয়াব পৰা নাই । এচ ডি আৰ এফ বাহিনীৰ ডুবাৰু সকলে অশেষ প্ৰচেষ্টা অব্যাহত ৰাখিছে যুৱক জনৰ সম্ভেদ উলিয়াবলৈ ।
No comments