Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চিৰাঙত পুনৰ সক্ৰিয় কুখ্যাত তেল চোৰ চুলতান আলীঃ তেল চুৰ কৰি থকা অৱস্থাত তৈলবাহী টেংকাৰ জব্দ আৰক্ষীৰ

গণ বাৰ্তা, যোগীঘোপা, ৫ ডিচেম্বৰ ঃ ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ  চিৰাং জিলাত সক্ৰিয় হোৱা তেলচোৰ চক...

গণ বাৰ্তা, যোগীঘোপা, ৫ ডিচেম্বৰ ঃ ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ  চিৰাং জিলাত সক্ৰিয় হোৱা তেলচোৰ চক্ৰৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছতো পুনৰ সক্ৰিয় হৈ পৰিছে  তেলচোৰ চক্ৰটো। উল্লেখ্য যে চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৈষুণগাঁৱৰ কুখ্যাত তেলচোৰ চুলতান আলী আহমেদৰ নেতৃত্বত এটা বৃহৎ তেলচোৰ চক্ৰই দীৰ্ঘদিনৰ পৰা বৈষুণগাঁৱৰ লগতে বিভিন্ন স্থানত টেংকাৰৰ পৰা তেল চুৰি কাণ্ড সংঘটিত কৰি আহিছে। তেলচোৰ চক্ৰটোৱে ধনবল, বাহুবল আৰু একাংশ আৰক্ষী বিষয়াৰ নাম লৈ তেল চুৰি অব্যাহত ৰখাৰ মাজতে ২ ডিচেম্বৰত চিৰাং জিলাৰ আৰক্ষীয়ে বৈষুণগাঁৱত এক অভিযান চলায়। আৰক্ষীৰ অভিযানত বৈষুণগাঁৱৰ পৰা এন এল-০১কিউ-৩৪৯৭ নম্বৰৰ এখন তেলভৰ্তি টেংকাৰ জব্দ কৰে। জানিব পৰা মতে বৈষুণগাঁৱত সক্ৰিয় হৈ থকা তেলচোৰ চক্ৰটোৱে উল্লেখিত নম্বৰৰ টেংকাৰখনৰ পৰা ইন্ধন চুৰি কৰি থকা অৱস্থাত আৰক্ষীয়ে খবৰ লাভ কৰে । উক্ত খবৰৰ ভিত্তিতে ঢালিগাঁও থানাৰ এটা আৰক্ষীৰ দল বৈষুণগাঁৱত  উপস্থিত হৈ তেলচোৰ চক্ৰই তেল চুৰি কৰি থকা অৱস্থাত টেংকাৰখন জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষী উপস্থিত হোৱা দেখি তেলচোৰ চক্ৰটোৱে টেংকাৰখন ৰাজপথত এৰি সেই স্থানৰ পৰা পলায়ন কৰে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ইপিনে উল্লেখিত নম্বৰৰ টেংকাৰ খন বৈষুণগাঁৱৰ কুখ্যাত তেলচোৰ চুলতান আলী আহমেদৰ নামত পঞ্জীয়ন হৈ থকা বুলি জানিব পৰা গৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে এইজন তেলচোৰে বৈষুণগাঁৱত থকা নিজ ঘৰৰ সন্মুখতে এটা অবৈধ তেলৰ ঘাটি স্থাপন কৰি  বাধাহীনভাৱে ভাৰতীয় তেল নিগমৰ পৰা ইন্ধন কঢ়িওৱা টেংকাৰবোৰৰ পৰা তেল চুৰি কাৰ্য সংঘটিত কৰি আহিছে ।  তেলচোৰজনে এই দুষ্কাৰ্য চলাই থকাৰ মাজতে কিছুদিন পূৰ্বে ঢালিগাঁও আৰক্ষীয়ে এখন তেলবাহী টেংকাৰ তেওঁৰ অবৈধ ঘাটিটোৰ পৰা জব্দ কৰিছিল। অভিযোগ মতে তেলচোৰ চুলতানৰ কেইবাখন তেলৰ টেংকাৰ আছে। উক্ত টেংকাৰসমূহ তেল কঢ়িওৱা কাৰ্যত ব্যৱহাৰ কৰি নিজেই তেল চুৰি কৰি মাহেকত লাখ লাখ টকাৰ ক’লা ধন উপাৰ্জন কৰি আহিছে । আনকি যোৱামাহত এছ আই কেলেংকাৰীত জড়িত হৈ পৰাত এইজন তেলচোৰৰ ঘৰত চি আই ডিৰ দলেও অভিযান চলাই তিনি লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰিছিল । কিন্তু তেলচোৰজন নাটকীয়ভাৱে পলায়ন কৰি কিছুদিন আত্মগোপন কৰি থাকে । শেহতীয়াকৈ তেওঁ পুনৰ চিৰাঙত তেল চুৰি কাৰ্য সংঘটিত কৰিবলৈ আৰম্ভ কৰিছে। অতি আচৰিত কথা যে যিজন চুলতান আলী আহমেদৰ বিৰুদ্ধে ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ অভিযোগ-পত্ৰ প্ৰেৰণ কৰা হৈছে সেইজন কুখ্যাত তেলচোৰ চুলতানে কাৰ আশীৰ্বাদত চিৰাঙত তেল চুৰিৰ সাম্ৰাজ্য গঢ়ি তুলিছে সেয়া এক অবুজ সাঁথৰত পৰিণত হৈছে । স্থানীয় একাংশ দল-সংগঠনে তেলচোৰ চুলতানৰ সকলো কুকাৰ্য প্ৰত্যক্ষ কৰিও নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ উঠিছে।

No comments