Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জাৰাবাৰীত ৰাইজৰ দলৰ দক্ষিণ পশ্চিম বেতবাৰী গাওঁ পঞ্চায়ত সমিতি গঠন

ছাহেদ আলী আহমেদ ¸ কয়াকুছি ¸ ২৩ ডিচেম্বৰ :  বৰপেটা জিলাৰ সৰুক্ষেত্ৰীত সমষ্টিৰ অন্তৰ্গত জাৰাবাৰী চাৰিআলিত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যো...


ছাহেদ আলী আহমেদ ¸ কয়াকুছি ¸ ২৩ ডিচেম্বৰ : বৰপেটা জিলাৰ সৰুক্ষেত্ৰীত সমষ্টিৰ অন্তৰ্গত জাৰাবাৰী চাৰিআলিত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠন হোৱা ৰাইজৰ দলৰ দক্ষিণ পশ্চিম বেতবাৰী গাওঁ পঞ্চায়ত সমিতি গঠন কৰাৰ বাবে এখন সভা অনুষ্ঠিত  হয় । সৰুক্ষেত্ৰীৰ বিশিষ্ট যুৱ  সমাজকৰ্মী তথা ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনিৰুজ জামানৰ সভাপতিত্বত আৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভূলোকাবাৰীৰ সমাজকৰ্মী বছিৰ উদ্দিন আহমেদে । এই  সভাত নিৰ্দিষ্ট বক্তা হিচাপে ৰাইজৰ দলৰ বৰপেটা জিলাৰ আহ্বায়িকা নিলোফাৰ ইয়াছমিন আৰু আব্দুল জলিলে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায় । কৃষকৰ উন্নয়নৰ কথা পাহৰি কংগ্ৰেছ আৰু বিজেপি দলে ভাষনৰ ফুলজাৰি মাৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰি ক্ষমতা দখলৰ ৰাজনীতি কৰা বুলি আব্দুল জলিলে অভিযোগ কৰে । এই সভা উপস্থিত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলাৰ সাধাৰণ সম্পাদক কাজী নাজিমূল হকে কয় যে, ভ্ৰষ্টাচাৰী শাসনৰ অন্ত পেলাবলৈ ৰাইজৰ দলৰ জন্ম দিয়া হৈছে । অসমৰ খাটিখোৱা জনসাধাৰণৰ উন্নতি সাধিবলৈয়ে মহাত্মা গান্ধীৰ জন্মদিনত ৰাইজৰ দলৰ জন্ম দিয়া হৈছে । সভাপতিৰ আসনৰ পৰা মনিৰুজ জামানে অখিল গগৈয়ে দুখীয়া মানুহৰ বাবে কাম কৰাৰ বাবেই চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈ এবছৰ ধৰি কাৰাবাস খাটিবলগীয়া হৈছে বুলি মন্তব্য কৰে । তেওঁ অতি সোনকালেই কৃষক নেতাগৰাকীয়ে মুকলি আকাশৰ তলত আহিব বুলি মন্তব্য কৰে । 

No comments