Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জামুগুৰিহাটত সৰবৰহী যুৱকৰ মৃত্যু

গন বাৰ্তা,জামুগুৰিহাটঃ২৩ডিচেম্বৰঃ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁও নিৱাসী ,সৰবৰহী যুৱক বিষ্ণু শইকীয়াৰ(৩৬)আজি পুৱা গুৱাহাটীৰ জিএন আৰ চি হাস্পতালত...


গন বাৰ্তা,জামুগুৰিহাটঃ২৩ডিচেম্বৰঃ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁও নিৱাসী ,সৰবৰহী যুৱক বিষ্ণু শইকীয়াৰ(৩৬)আজি পুৱা গুৱাহাটীৰ জিএন আৰ চি হাস্পতালত মৃত্যু হয়।যোৱা ১১ডিচেম্বৰত হঠাৎ অচেতন হৈ পৰা যুৱক গৰাকীক প্ৰথম অৱস্থাত তেজপুৰ টাইমচ হাস্পতালত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হৈছিল যদিও কোনো উপশম নোহোৱাত উন্নত চিকিৎসাৰ বাবে সপ্তাহ পূৰ্বে গুৱাহাটী জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱা ৮ বজাত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় যুৱক গৰাকীয়ে। ডেকাসুন্দৰ গাঁওৰ গিৰিশ শইকীয়াৰ পুত্ৰ বিষ্ণু শইকীয়াৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত যুৱক গৰাকীয়ে পিতৃ মাতৃ পত্নী সহ এটি সাত বছৰীয়া কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায়।

No comments