গণ বাৰ্তা, ডিব্ৰুগড়, ১৬ ডিচেম্বৰঃ ইটালী বা ফ্ৰান্স নহয় ডিব্ৰুগড় জিলাৰ লাহোৱালৰ পিৰাফলা গাঁৱৰ ৰাজহুৱা খেলপথাৰ এজাক কণ মানি দুভৰি চমক। মনত ফুট...
গণ বাৰ্তা, ডিব্ৰুগড়, ১৬ ডিচেম্বৰঃ ইটালী বা ফ্ৰান্স নহয় ডিব্ৰুগড় জিলাৰ লাহোৱালৰ পিৰাফলা গাঁৱৰ ৰাজহুৱা খেলপথাৰ এজাক কণ মানি দুভৰি চমক। মনত ফুটবল খেলা হেপাহ লৈ নানা ৰংঙ জাচি পিন্ধি নামিছে খেল পথাৰত। কোনোবাই যদি মেচি হোৱা সপোন দেখিছে আন কোনোবা মাৰাডোনা নতুবা ৰাল্ডাদো হোৱা সপোন। ফুটবলৰ মহাৰণে বিশ্ব জয় হেপাহ যেন সিহঁতৰ। সেই হেপাহ সপোন লৈ শিশু সকলে ডিব্ৰুগড় লাহোৱালৰ পিৰাফলা ৰাজহুৱা খেলপথাৰত ১০ দিনীয়া ফুটবল কৰ্মশালাত অংশ লৈছে। আজি কৰ্মশালা অন্তত শিশু সকলে পাৰদৰ্শিতা দেশাইছে ফুটবলৰ মহাৰণ। কণমানি লৰা-ছোৱালীয়ে দেখাইছে ভৰিৰ চমক। উল্লেখ যে আৰ ডি এডুকেশ্বন্যনেল এণ্ড স্পৰ্টছ ফাউণ্ডেশ্যন উদ্যোগত আৰু লাহোৱালবাসী ৰাইজৰ সহযোগত ৩ ডিচেম্বৰ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল ফুটবলৰ বিনামূলীয়া কৰ্মশালা। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দয়ানন্দ শ্বাহ, এছ কে এছ ইংলিছ একাডেমিৰ সঞ্চালিকা মুন শ্বাহৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
No comments