গণবাৰ্তা,বটদ্ৰৱা/টুকটুকী,১১ডি চেম্বৰ: নগাঁও জিলাৰ ধিং থানৰ অন্তৰ্গত টুকটুকীৰ ছালনাবড়িত আজি অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে আমছুৰ উদ্যোগত এখ...
গণবাৰ্তা,বটদ্ৰৱা/টুকটুকী,১১ডি
নগাঁও জিলা সভাপতি আব্দুৰ ৰহিমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাতখনত উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সম্পাদক মোশ্বাৰফ হুছেইন কবিৰে স্থানীয় আৰক্ষী প্রশাসনকো কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অঞ্চলত থকা অসামাজিক কাৰ্য্যকলাপত লিপ্ত থকা লোকসকলকো চিনাক্ত কৰি উচিত বিচাৰ কৰাৰ ক্ষেত্রতো সিদ্ধান্ত লয় । লগতে এনেধৰণৰ সমস্যাৰ প্রতি যদি প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰে তেন্তে গণতান্ত্রিক পদ্ধতিৰে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ মন্তব্য আগবঢ়াই । । উক্ত সভাত আমছুৰ কেন্দ্ৰীয় সহ সম্পাদক মিন্নাতুল ইছলামে অভিবাবকক উদ্দেশ্যে কৰি কয় নিজৰ সন্তানৰ ওপৰত নজৰ দিয়ক, অসামাজিক কাৰ্যকলাপলৈ গতি কৰা লৰা ছোৱালীক বাধা দিয়ক। তেওঁ লগতে চকাৰক সমালোচনা কৰি কয় যে আমাক মন কী বাত নালাগে আমাক কাম কী বাত হে লাগে।
উক্ত সভাতে নগাঁও জিলাৰ সভাপতি আব্দুৰ ৰহিমে আমছুৰ টুকটুকী অঞ্চলিকৰ সভাপতি ফকৰুল ইছলাম, কাৰ্য্যকৰী সভাপতি হাবিজুৰ ৰহমান ,সাধাৰণ সম্পাদক জেহিৰুল ইছলাম,আতাবুৰ ৰহমানকে আদি কৰি ৩১ জনীয়া আঞ্চলিক সমিতিৰ সদস্যক শপত বাক্য পাঠ কৰাৰ লগতে সংগঠনৰ মূল লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আগুৱাই যাবলৈ আহ্বান জনায়। দিনৰ এক বজাত আৰম্ভ হোৱা সভাখনত উপস্থিত থাকি নগাঁও জিলাৰ সম্পাদকদ্বয় আশ্ৰাফুল হুছেইন আৰু আব্দুৰ নুৰে সংবিধানে দিয়া অধিকাৰৰ ওপৰত আমছুৰ কৰ্মী সকলক সচেতন হবলৈ আহ্বান জনায়।উক্ত সভাত আমছুৰ নগাওঁ জিলাৰ উপ সভাপতি আবুল হুছেইন।জমীয়ত উলাময়ে হিন্দৰ নগাঁও জিলা উপ সভাপতি মুফতি আব্দুল কাদিৰৰ,নগাঁও জিলাৰ দ্বিনী তালিমী বৰ্ড ৰ সম্পাদক আব্দুল ছালাম, সমাজ কৰ্মী চিৰাজুল ইছলাম,নাইবালী, ৱাইজুল হক চৌধুৰী কে আদিকৰি প্ৰায় সাত শতাধিক ৰাইজৰ উপস্থিত আছিল।
No comments