নতুন দিল্লী, ৮ ডিচেম্বৰ ঃ তিনি কৃষি আইন বাতিলৰ দাবীৰে কৃষক সংগঠনসমূহে আজি ঘোষণা কৰা চাৰিঘণ্টীয়া ভাৰত বন্ধত অচল হৈ পৰিল দেশবাসীৰ স্বাভাৱিক জী...
নতুন দিল্লী, ৮ ডিচেম্বৰ ঃ তিনি কৃষি আইন বাতিলৰ দাবীৰে কৃষক সংগঠনসমূহে আজি ঘোষণা কৰা চাৰিঘণ্টীয়া ভাৰত বন্ধত অচল হৈ পৰিল দেশবাসীৰ স্বাভাৱিক জীৱন-যাত্ৰা। দেশবাসীয়ে স্বতঃস্ফূৰ্তভাৱে কৃষকসকলৰ সমৰ্থনত পালন কৰে ভাৰত বন্ধ। যাৰ ফলত দেশৰ চৌদিশে ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয়। অসমকে ধৰি দেশৰ চৌদিশে দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয়। ইমানেই নহয়, ভাৰত বন্ধৰ সমৰ্থনত আজি ৰাজপথলৈও নামে বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে অন্যান্য সংগঠনসমূহ। উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা তিনি কৃষি আইনৰ বিৰোধিতাৰে যোৱা ১২টা দিন ধৰি ৰাজধানী দিল্লীৰ সীমান্তত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে।
তেওঁলোকে আজি ভাৰত বন্ধৰ ঘোষণা কৰিছিল। কৃষকসকলে যোৱা ২৬ নৱেম্বৰৰ পৰাই ৰাজধানী দিল্লীৰ সীমান্তত তিনি কৃষি আইন বাতিলৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে। চৰকাৰৰে পাঁচবাৰকৈ বৈঠকত মিলিত হোৱাৰ পিছতো কোনো সুফল নোপোৱাত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। কাইলৈ পুনৰ চৰকাৰৰ সৈতে ষষ্ঠলানি বৈঠকত মিলিত হ’ব কৃষক সংগঠনসমূহ। কাইলৈৰ বৈঠকত অংশ লোৱাৰ পূৰ্বে কৃষক সংগঠনসমূহে ঘোষণা কৰা ভাৰত বন্ধৰ প্ৰভাৱ ৰাজধানী দিল্লীত পৰিলক্ষিত হয় বুলি দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি শান্তিপূৰ্ণভাৱে ভাৰত বন্ধ পালন হয়। দিল্লীবাসীৰ সাধাৰণ জীৱন-যাত্ৰাত বৰ বিশেষ প্ৰভাৱ নপৰে বুলি উল্লেখ কৰে দিল্লী আৰক্ষীয়ে। আনহাতে ভাৰত বন্ধৰ দিনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰে বুলি উপ-মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।
তেওঁ লগতে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰে। কিন্তু দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ অভিযোগ নাকচ কৰিছে। আনহাতে কাইলৈ বিৰোধী দলৰ নেতাসকলে কৃষি আইন সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ কৰিব। আজি এই কথা প্ৰকাশ কৰিছে চি পি (এম)ৰ সীতাৰাম য়েচুৰীয়ে। তেওঁ প্ৰকাশ কৰা অনুসৰি এটা প্ৰতিনিধি দলে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক কৃষি আইন সম্পৰ্কত সাক্ষাৎ কৰিব। বিয়লি ৫ বজাত সাক্ষাৎ কৰিবলগীয়া প্ৰতিনিধি দলসমূহৰ ভিতৰত আছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, এনচিপিৰ শাৰদ পাৱাৰসহ আন বহুজন।
No comments