Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কৃষক বিদ্ৰোহত এস্তমান মোদী চৰকাৰঃ আজি দেশজুৰি প্ৰধানমন্ত্ৰীৰ পুত্তিলকা দাহ কাৰ্যসূচী

৮ ডিচেম্বৰত ভাৰত বন্ধৰ ঘোষণা, ৮ বিৰোধী দলৰ সমৰ্থন কৃষকৰ প্ৰতিবাদত নতুন দিল্লী, ৪ ডিচেম্বৰ ঃ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয়...

৮ ডিচেম্বৰত ভাৰত বন্ধৰ ঘোষণা, ৮ বিৰোধী দলৰ সমৰ্থন কৃষকৰ প্ৰতিবাদত

নতুন দিল্লী, ৪ ডিচেম্বৰ ঃ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ক্ষমতাৰ বলেৰে দুয়োখন সদনত কৃষি সম্বন্ধীয় তিনিখন বিধেয়ক গৃহীত কৰি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰেৰে আইনত পৰিণত কৰাৰ ফলত এতিয়া এন ডি এ চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই আছে সমগ্ৰ দেশৰ কৃষক। বণিক গোষ্ঠীৰ স্বাৰ্থত মোদী চৰকাৰে এই আইন অনাৰ অভিযোগ তুলি সমগ্ৰ দেশৰ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামি প্ৰতিবাদ চলাই আছে। বিশেষকৈ পঞ্জাব, হাৰিয়াণাৰ কৃষকসকলে এই আইনৰ বিৰুদ্ধে আৰম্ভণিৰে পৰাই প্ৰতিবাদ চলাই আছে। বিধেয়ক সংসদত গৃহীত হোৱাৰ পিছতেই পঞ্জাব, হাৰিয়াণাৰ কৃষকসকলে নিজ নিজ ৰাজ্যত মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰায় দুমাহ ধৰি প্ৰতিবাদ কৰে। ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো সদুত্তৰ নোপোৱাত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ পঞ্চাব, হাৰিয়াণাৰ কৃষকসকল ওলাই আহে ৰাজধানী দিল্লী ঘেৰিবলৈ।

 ‘দিল্লী চলো’ কাৰ্যসূচী লৈ পঞ্জাব, হাৰিয়াণাৰ কৃষকসকলে আৰক্ষী প্ৰশাসনৰ প্ৰবল বাধা নেওচি দিল্লীৰ অভিমুখে যাত্ৰা কৰিছিল। বৰ্তমানো তেওঁলোকে দিল্লীত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই যদিও দিল্লী সীমান্ত ঘেৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। কৃষকৰ এনে বিদ্ৰোহত এতিয়া কম্পমান হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় চৰকাৰে এতিয়া নৰম স্থিতি লোৱা পৰিলক্ষিত হৈছে। কিয়নো কেন্দ্ৰীয় চৰকাৰে দুবাৰকৈ কৃষকসকলৰ সৈতে বৈঠকত মিলিত হৈছে। ইয়াৰ পিছতো কিন্তু কৃষকসকলে কোনো সঠিক উত্তৰ লাভ কৰা নাই চৰকাৰৰ পৰা। কালি প্ৰায় ছঘণ্টা ধৰি দিল্লীৰ বিজ্ঞান ভৱনত চৰকাৰৰ সৈতে বৈঠকত মিলিত হৈছিল প্ৰায় ৩৫জন কৃষক সংগঠনৰ প্ৰতিনিধি। এই বৈঠকত কৃষকসকলে  কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা চাহ আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। তেওঁলোকৰ স্থিতি যে যিকোনো কাৰণতেই চৰকাৰে বাতিল কৰিব লাগিব তিনি কৃষি আইন। 

তেওঁলোকে উল্লেখ কৰিছে যে কোৰোনাৰ আলম লৈ কোনো কৃষক সংগঠনৰ সৈতে আলোচনা নকৰাকৈ কৃষি আইন দেশৰ কৃষকসকলৰ ওপৰত জাপি দিয়া হৈছে। ইয়াৰ ফলত দেশৰ কৃষকসকলে নিৰ্ধাৰিত সমৰ্থনমূল্য লাভ কৰাৰ পৰা বিৰত থাকিব। ইয়াৰ উপৰি চৰকাৰী মন্দা ব্যৱস্থা শেষ হ’ব। কৃষকসকল নিজৰ খেতিপথাৰতেই শ্ৰমিক হোৱাৰ দিশে অগ্ৰসৰ হ’ব। সেই বাবে ক’লা নাই কৃষকে কোনো কাৰণতে মানি নলয়। এই আইন বাতিল নোহোৱা পৰ্যন্ত তেওঁলোকে আন্দোলন চলাই যাব বুলি কৃষক সংগঠনসমূহে প্ৰকাশ কৰিছে। প্ৰয়োজনত তেওঁলোকে ছয় মাহলৈ আন্দোলন কৰিব বুলি ঘোষণা কৰিছে। কাইলৈ পুনৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৃষকসকল বৈঠকত মিলিত হ’ব। এই বৈঠকত অংশ নোলোৱাৰ পূৰ্বে কৃষকসকলে হুংকাৰ দিছে যে কাইলৈ যদি কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো সদুত্তৰ নাপায় তেন্তে সমগ্ৰ ৰাজধানী ঘেৰি প্ৰতিবাদ কৰা হ’ব। 

ইমানেই নহয়, কৃষকসকলে বিশেষ সংসদৰ অধিৱেশন আয়োজন কৰি এই আইন বাতিল কৰিবলৈও চৰকাৰলৈ দাবী জনাইছে। ইয়াৰ বাবে এতিয়া কেন্দ্ৰীয় চৰকাৰে থৰকা-ছুটি হেৰুৱাইছে। প্ৰবলত চাপত থাকিবলগীয়া হৈছে মোদী চৰকাৰ। যিহেতু সমাগত পশ্চিমবংগৰ নিৰ্বাচন। এনে সময়ত কৃষকসকলৰ বিদ্ৰোহে পশ্চিমবংগৰ নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি বিভিন্নজনে প্ৰকাশ কৰিছে। কিয়নো পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কৃষকসকলৰ সমৰ্থনত নামি পৰাৰ উপৰি এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বুলিও ঘোষণা কৰিছে। ইয়াৰ উপৰি ৮টাকৈ বিৰোধী ৰাজনৈতিক দলে কৃষকসকলৰ সমৰ্থনত নামি পৰিছে। এনেস্থলত এতিয়া বিপদত পৰিব লগা হৈছে কেন্দ্ৰীয় চৰকাৰ। সেই বাবেই চৰকাৰে কৃষকসকলৰ সৈতে বৈঠকত মিলিত হৈ তেওঁলোকৰ অভিযোগসমূহ শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে ‘কা’ আন্দোলনকে ধৰি বিভিন্ন আন্দোলনৰ সময়ছোৱাত চৰকাৰে আন্দোলনকাৰীৰ সৈতে বৈঠকত মিলিত হোৱা নাছিল। তেওঁলোকৰ অভাৱ-অভিযোগো শুনাৰ পৰা বিৰত আছিল। 

কিন্তু কৃষক আন্দোলনৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। আজি কৃষক সংগঠনসমূহে সংবাদ মেলত সম্বোধন কৰি ঘোষণা কৰিছে যে কাইলৈ সমগ্ৰ দেশজুৰি প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা দাহ কৰা হ’ব। ইয়াৰ উপৰি ৮ ডিচেম্বৰত ভাৰত বন্ধৰ আহবান জনাইছে। ভাৰতীয় কিষাণ ইউনিয়নে সংবাদ মেল সম্বোধন কৰি কয় যে তিনি কৃষি আইন বাতিলৰ দাবীৰে ৮ ডিচেম্বৰত ভাৰত বন্ধৰ ঘোষণা কৰা হৈছে। সংগঠনটোৱে কয়- কালিয়ে চৰকাৰক স্পষ্ট কৰি দিয়া হৈছে যে কৃষি আইন বাতিল কৰক। অন্যথা কৃষকৰ আন্দোলন অব্যাহত থাকিব। কৃষি আইন বাতিল নকৰা পৰ্যন্ত এই আইন চলি যাব বুলি কৃষক সংগঠনসমূহে হুংকাৰ দিয়াৰ বিপৰীতে চৰকাৰে ঘোষণা কৰিছে যে বাৰ্তালাপৰ মাজেৰে সমাধানৰ সূত্ৰ উলিওৱা হ’ব। উল্লেখ্য যে কাইলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে হ’বলগীয়া তৃতীয়লানি বৈঠকৰ ওপৰতে সমগ্ৰ দেশবাৰীৰ দৃষ্টি নিবদ্ধ হৈ আছে।

No comments