নাৰায়ণপুৰ প্ৰেছ ক্লাৱত যোৱা শুক্ৰবাৰে বিয়লি সদৌ অসম কবি সন্মিলনৰ অন্যতম শাখা নাৰায়ণপুৰ কাব্য কাননৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। নাৰায়ণপু...
নাৰায়ণপুৰ প্ৰেছ ক্লাৱত যোৱা শুক্ৰবাৰে বিয়লি সদৌ অসম কবি সন্মিলনৰ অন্যতম শাখা নাৰায়ণপুৰ কাব্য কাননৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। নাৰায়ণপুৰ কাব্য কাননৰ সভাপতি সত্যেন্দ্ৰ বৰদলৈৰ সভাপতিত্বত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বিনোদ ভূঞাই। সভাত উমেশ চন্দ্ৰ সোণোৱালৰ সম্পাদনাৰে প্ৰকাশ কৰি উলিওৱা কাব্য কাননৰ বাৰ্ষিক কাব্য পত্ৰিকা ' কাব্য গুঞ্জন' উন্মোচন কৰে চন্দ্ৰ হাজৰিকাই। কবি মহেন্দ্ৰমোহন শইকীয়াৰ প্ৰথমখন কাব্য সংকলন 'খৰিকাজাঁই' উন্মোচন কৰে সত্যেন্দ্ৰ বৰদলৈয়ে। অন্যহাতে সভাত কাব্য সংকলন 'জেতুলিপকা' উন্মোচন কৰে কাব্য কাননৰ প্ৰাক্তন সভাপতি বীৰেন শৰ্মা,দিহিৰিৰ কবি বিতোপন গগৈ, লক্ষীমপুৰ জিলা কবি সন্মিলনৰ সম্পাদক জগত গগৈ, যোগেন গন্ধীয়া প্ৰমুখ্যে কাব্য কাননৰ সদস্যসকলে অংশ গ্ৰহণ কৰে।
No comments