Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডলামৰাত লখিমন ধৰ্মৰ সভাত বিত্তমন্ত্ৰীৰ কেইবাখনো আঁচনিৰ শুভ উন্মোচন

 গণ বাৰ্তা, বোকাজান, ২৩ ডিচেম্বৰঃ ভাৰতীয় সংস্কৃতিত সনাতন ধৰ্ম যোৱা পাঁচ হাজাৰ বছৰ ধৰি প্ৰৱাহমান হৈ আহিছে । অনাদি অনন প্ৰৱাহিত হৈ থকা সনাতন ধ...


 গণ বাৰ্তা, বোকাজান, ২৩ ডিচেম্বৰঃ ভাৰতীয় সংস্কৃতিত সনাতন ধৰ্ম যোৱা পাঁচ হাজাৰ বছৰ ধৰি প্ৰৱাহমান হৈ আহিছে । অনাদি অনন প্ৰৱাহিত হৈ থকা সনাতন ধৰ্ম চিৰ প্ৰৱাহমান। ’ এই মন্তব্য অসম চৰকাৰৰ বিত্ত, শিক্ষা, স্বাস্থ্য আৰু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ডলামৰাত কাৰ্বিসকলৰ লখিমন ধৰ্মাৱলম্বী লোকসকলৰ এক ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত এই মন্তব্য কৰে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে। ডলামৰাৰ চক - ফে - এহ আক্লামৰ বাচাপী টেৰণপী স্মৃতি মঞ্চত আয়োজন কৰা সভাখনত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কাৰ্বিসকলৰ সমাজত সংস্কাৰ  আৰু পৰিৱৰ্তন অনাৰ লক্ষ্যৰে স্থাপিত হোৱা লখিমন ধৰ্মই সম্প্ৰতি অসমৰ কেইবাখনো জিলাৰ লগতে চুবুৰীয়া অৰুণাচললৈকে পৰিসৰ বৃদ্ধি হৈছে। পঞ্চদশ শতিকাত অসমতো শ্ৰীমন্ত শঙ্কৰদেৱৰ নেতৃত্বত নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলন গঢ় লৈ উঠিছিল । নৱ বৈষ্ণৱ আন্দোলনে সেই সময়ৰ সমাজত থকা অন্ধকাৰ, ধৰ্মীয় গোড়ামি, অসহিষ্ণুতা দূৰ কৰি  অসমৰ আকাশত কৃষ্ণভক্তি আন্দোলনৰ জোৱাৰ তুলিছিল। ঠিক সেইদৰে কাৰ্বি আংলঙৰ ভূমিতো গুৰু লখন ইংতিয়ে লখিমন ধৰ্ম প্ৰৱৰ্তনেৰে সত্য আৰু সুন্দৰৰ পৰিৱেশ গঢ় দিয়াৰ চেষ্টা কৰিছিল। আধ্যাত্মিক পৰিৱেশ নাথাকিলে এখন সমাজ বিশৃংখল হয় বুলি মন্তব্য কৰি লখিমন ধৰ্মই সমাজত শান্তিৰ পৰিৱেশ নিৰ্মাণ কৰিব বুলি আশা প্ৰকাশ কৰে।

আগত দিনত ডলামৰাত পথ, মন্দিৰ নিৰ্মাণ হোৱাৰ লগতে ডলামৰাৰ পাহাৰৰ ওপৰত এক সুদৃশ্য মন্দিৰ নিৰ্মাণৰ বাবে গুৰু লখন ইংতিৰ সপোনো দুই তিনি বছৰৰ ভিতৰতে পূৰণ হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বলৰাম ফাংছ’ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে’, বোকাজানৰ বিধায়ক ডা° নোমল মমিন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰায়সংখ্যক কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য আদি উপস্থিত থাকে । উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে যোৱানিশাৰ পৰাই জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা কেইবা সহস্ৰাধিক লখিমন ধৰ্মৰ অনুগামী ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতিৰে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। লখিমন ধৰ্মীয় শতাধিক পতাকাৰে সুশোভিত কৰি তোলা সভাস্থলীত ধৰ্মীয় পোছাক পৰিধান কৰি লখিমন ধৰ্মৰ নাম গুণ গাই উপস্থিত ৰাইজে সভাস্থলীত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। সভাত অংশগ্ৰহণৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে লখিমন আশ্ৰমৰ চৌহদৰ দেৱাল আৰু প্ৰৱেশ তোৰণ, চৌহদৰ দেৱালসহ বিদ্যালয় গৃহৰ নিৰ্মাণ, ৰাজহুৱা টয়লেট, মুকলি মঞ্চকে ধৰি মুঠ ৯ খন আঁচনি মুকলি কৰে। 


No comments