ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৬ ডিচেম্বৰ : সমাজ বিজ্ঞান আৰু সমাজ অধ্যয়ণৰ মাজত ব্যাপক পাৰ্থক্য আছে যদিও,এতিয়াও আমাৰ সমাজত দুইটা বিষয় একেবুলি ভব...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৬ ডিচেম্বৰ : সমাজ বিজ্ঞান আৰু সমাজ অধ্যয়ণৰ মাজত ব্যাপক পাৰ্থক্য আছে যদিও,এতিয়াও আমাৰ সমাজত দুইটা বিষয় একেবুলি ভবা মানুহৰ সংখ্যা কম নহয়। আজি যোৰহাট স্নাতকোত্তৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সভা গৃহত অনুষ্ঠিত এখনি গ্ৰন্হ উন্মোচনী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা যোৰহাট স্নাতকোত্তৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা বিনিতা দত্তই এনেদৰে কয়। মহাবিদ্যালয় খনৰ বৰ্তমানৰ অধ্যক্ষা ড° অৰুনিমা দত্তৰ সদ্যপ্ৰকাশিত গ্ৰন্হ " সমাজ বিজ্ঞান শিক্ষণ পদ্ধতি"ৰ উন্মোচন কৰি শিক্ষাবিদ গৰাকীয়ে কয় যে,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন দুবছৰীয়া বি এড,প্ৰাঠ্যক্ৰমৰ অসমীয়া মাধ্যমৰ শিক্ষৰ্থী সকলৰ বহুদিনীয়া অভাৱ এই গ্ৰন্হখনে পূৰণ কৰিবলৈ সক্ষ্যম হব। সমাজ বিজ্ঞান শিক্ষণ প্ৰদ্ধতিৰ এইখনেই অসমীয়া মাধ্যমত প্ৰকাশিত একমাত্ৰ প্ৰসংগপুথি।অনুষ্ঠানত অংশগ্ৰহণ কৰি গ্ৰন্হৰ প্ৰকাশক বিশ্বজিৎ শ ইকীয়াই বি এড শিক্ষাৰ্থী সকলে গ্ৰন্হখনৰ পৰা উপকৃত হলে তেওঁলোকৰ প্ৰয়াস সফল হব বুলি আশা প্ৰকাশ কৰে।অনুষ্ঠানত গ্ৰন্হকাৰ অৰুনিমা দত্তই গ্ৰন্হখন প্ৰকাশৰ আঁৰৰ কথা ব্যক্ত কৰে আৰু এই কামৰ সহযোগিতা আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনায়।মহাবিদ্যালয়ৰ শিক্ষক সকলৰ হৈ জ্যেষ্ঠ প্ৰবক্তা ভগীৰথ সন্দিকৈয়ে শুভেচ্ছা মুলক বক্তব্য আগবঢ়ায়।ড°ৰশ্মী ৰেখা দেবীয়ে বন্তিপ্ৰজ্বলন আৰু আঁত ধৰা অনুষ্ঠানৰ উন্মোচনী সভাৰ শলাগৰ শৰাই আগবঢ়াই ড°ধ্ৰুৱ জ্যোতি গোস্বামীয়ে।শিৱাণী বৰুৱা ফুকনে এটি গীত পৰিৱেশন কৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰী,বৰ্তমানৰ শিক্ষক প্ৰশিক্ষাৰ্থীৰ লগতে বহুতো শুভাকাংঙ্খী য়ে অংশগ্ৰহণ কৰে।
No comments