Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হোজাইৰ প্ৰতিভা বিকাশ বিদ্যাপীঠত অগ্নি নিৰ্বাহক বাহিনীৰ মকড্ৰিল আৰু সজাগতা সভা

হোজাই ১০ ডিচেম্বৰ: হোজাইৰ ইছলাম নগৰ প্ৰতিভা বিকাশ বিদ্যাপীঠত নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত আজি হোজাইৰ অগ্নি নিৰ্বাপক বাহিনী (SDRF ASSAM) ...


হোজাই ১০ ডিচেম্বৰ: হোজাইৰ ইছলাম নগৰ প্ৰতিভা বিকাশ বিদ্যাপীঠত নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত আজি হোজাইৰ অগ্নি নিৰ্বাপক বাহিনী (SDRF ASSAM) ৰ উদ্যোগত আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ বিদ্যালয়ৰ অধ্যক্ষ খয়ৰুল বশ্বৰ, উপাধ্যক্ষ তৈয়বুৰ ৰহমান , পৰিচালনা সমিতিৰ বিষয়া ছাবিৰ আহমেদৰ উপস্থিতিত সজাগতা সভা আৰু মকড্ৰিলত বিভিন্ন প্ৰদৰ্শন দাঙি ধৰা হয় ৷ এই অনুষ্ঠানটিত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে ।হোজাইৰ অগ্নি নিৰ্বাপক বাহিনীৰ দলপতি বিনোদ ৰয়ৰ নেতৃত্বত নৃপেন অধীকাৰী, সীমান্ত বৰা, আব্দুল মতিন আৰু দিবাকৰ শইকীয়াই প্ৰদৰ্শনমূলক কাৰ্যসূচী উপস্থাপন কৰে ৷ অগ্নি নিৰ্বাপক বাহিনীৰ সজাতি দলে বিদ্যালয়খনত মকড্ৰিল প্ৰদৰ্শন কৰাৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰাত উপস্থিত শিক্ষক- শিক্ষাৰ্থী সকলো সমানে উপকৃত হ'ব বুলি বিদ্যালয়ৰ অধ্যক্ষই মন্তব্য কৰে। অগ্নি নিৰ্বাপক বাহিনীৰ বিনোদ ৰয়, সীমান্ত বৰা আৰু বিদ্যালয়ৰ অধ্যক্ষ খাইৰুল বশ্বৰে শিক্ষাৰ্থীৰ উদ্দেশ্যে বক্তব্য প্ৰদান কৰে ৷

উল্লেখ্য যে, মকড্ৰিল আৰু সজাগতা সভাত হঠাৎ ঘৰত বা বিদ্যালয়ত জুই লাগিলে কি কৰিব , বানপানীৰ সময়ত ল’বলগীয়া জৰুৰীকালীন ব্যৱস্থা , ধুমুহাৰ সময়ত ল’বলগীয়া সাৱধানতা, বজ্ৰপাতৰ পৰা কেনেকৈ নিৰাপদে থাকিব পাৰি আৰু বিদ্যুৎৰ চৰ্ট চাৰ্কিটৰ সময়ত কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আদি বিষয়ৰ ওপৰত বিতংকৈ আলোকপাত কৰে। এই  মকড্ৰিল আৰু সজাগতা সভাৰ ফলত বিদ্যালয়ত অধ্যয়ণৰত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল উপকৃত হ'ব বুলি সভাৰ সামৰণি ভাষণত বিদ্যালয়ৰ অধ্যক্ষই  মন্তব্য কৰি বছৰত কমেও এবাৰ- দুবাৰকৈ জিলাখনৰ প্ৰতিখন বিদ্যালয়ত গৈ এনেধৰণৰ কাৰ্যসূচী কৰিলে বহু সময়ত ভয়ংকৰ বিপদৰ পৰা শিক্ষাৰ্থীৰ লগতে পৰিয়ালৰ লোক উপকৃত হ'ব বুলি মন্তব্য কৰে ৷


No comments