গণ বাৰ্তা বিশেষ কলগাছিয়া ১৭ ডিচেম্বৰঃ অসম ৰাজ্যিক গ্ৰামীণ জিৱীকা অভিযানৰ কলগাছিয়াস্থ ৰূপসী খণ্ড প্ৰকল্পৰ উদ্যোগত আৰু ছেন্ট্ৰেল বেংক অফ ইণ্...
গণ বাৰ্তা বিশেষ কলগাছিয়া ১৭ ডিচেম্বৰঃ অসম ৰাজ্যিক গ্ৰামীণ জিৱীকা অভিযানৰ কলগাছিয়াস্থ ৰূপসী খণ্ড প্ৰকল্পৰ উদ্যোগত আৰু ছেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ সৰভোগ শাখাৰ সহযোগত আজি ঘুগুবাৰীৰ হালধীয়া গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাঙ্গনত আত্মসহায়ক গোটৰ মহিলা সকলৰ জীৱিকাৰ মানদণ্ড উন্নত কৰা আৰু মহিলা সকলৰ সৱলীকৰণ কৰাৰ উদ্যেশ্যে ৰূপসী প্ৰকল্পৰ ১৫ টাকৈ আত্মসহায়ক গোটৰ মাজত সৰভোগ চেন্ট্ৰেল বেংকৰ তৰফৰ পৰা মুঠ ৩১ লাখ টকাৰ ঋণ প্ৰদান কৰা হয় | ৰূপসী উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত ঋণ মঞ্জুৰী পত্ৰ আৰু চেক প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চেন্ট্ৰেল বেংকৰ ৰিজিওনাল মেনেজাৰ এচ কে শ্ৰীবাস্তৱ আৰু বৰপেটা জিলাৰ এল ডি এম প্ৰমোদ কুমাৰৰ লগতে চেন্ট্ৰেল বেংক মেনেজাৰ (আৰ অ ) এন কে সাহা, ডিপিএম সুমিত প্ৰসাদ দাস, ডি এফ ই এফ আই অনুশীলা মেধী, সৰভোগ চেন্ট্ৰেল বেংকৰ শাখা প্ৰবন্ধক অভিশেষ চন্দ্ৰ, অসম ৰাজ্যিক গ্ৰামীণ জিৱীকা অভিযানৰ ৰূপসী খণ্ডৰ বিপিএম পৰাগ কুমাৰ বৰুৱা, হলধীয়া গাও পঞ্চায়তৰ সচিব সন্তোশ দাস আৰু গুইলেজা পঞ্চায়ত সচিব ময়জুদ্দিন আহমেদ উপস্থিত থাকে | আত্মসহায়ক গোটৰ জৰিয়তে লাভ কৰা ঋণেৰে মহিলা সকলে হাঁহ-কুকুৰা পালন, কৃষি কৰ্ম, পশুপালন, ব্যৱসায় আদিৰে স্বাৱলম্বী হব পাৰিব বুলি আশা ব্যক্ত কৰি সঠিক সময়ত ঋণ পৰিশোধ কৰিবলৈ গোটৰ মহিলা সকলক আহ্বান জনায় উপস্থিত থকা সমল ব্যক্তি সকলে |
No comments