গণ বাৰ্তা, যোৰহাট, ৭ ডিচেম্বৰ ঃ যোৰহাটৰ মালৌ আলিস্থিত বিএছএনএলৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰীয়ে নিজ কাৰ্যালয়ৰে প্ৰথম মহলাৰ এটা কোঠাত চিপ লৈ আত্মহ...
গণ বাৰ্তা, যোৰহাট, ৭ ডিচেম্বৰ ঃ যোৰহাটৰ মালৌ আলিস্থিত বিএছএনএলৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰীয়ে নিজ কাৰ্যালয়ৰে প্ৰথম মহলাৰ এটা কোঠাত চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা ব্যক্তিজনৰ নাম হৈছে দেৱৰাজ কেওট (৩৮)। দেৱৰাজৰ ঘৰ আটিলাগাঁৱত আৰু তেওঁ বিএছএনএলৰ ব্ৰডবেণ্ড শাখাৰ বিষয়া ৰূপে কৰ্মৰত আছিল। আজি বিয়লি প্ৰায় ৪ মান বজাত দেৱৰাজক কাৰ্যালয়টোৰ প্ৰথম মহলাৰ এটা কোঠাত কেব্লেৰে চিপ লৈ থকা অৱস্থাত দেখা পায় কাৰ্যালয়ৰ আন আন কৰ্মচাৰীয়ে। লগে লগে কৰ্মচাৰীসকলে যোৰহাট আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। যোৰহাট আৰক্ষীয়ে ইউ ডি ৪৮য২০২০ নম্বৰত এক গোচৰ ৰুজু কৰিছে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে দেৱৰাজে পিতৃ, মাতৃ, পত্নীসহ এগৰাকী ২য় শ্ৰেণীত পঢ়ি থকা কন্যাক এৰি থৈ গৈছে।
No comments