Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দৌলাশাল হাইস্কুলত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাব্যশ্ৰী বঁটাপ্ৰাপক ৰমনী নাথক সম্বৰ্ধনা

  তফিকুৰ ৰহমান, গণ বাৰ্তা , চেঙা ১৬ ডিচেম্বৰ: নলবাৰী জিলাৰ দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক তথা কবি-লেখক, নিবন্ধকাৰ ৰমনী নাথক আজি বিদ্যালয় কৰ...


 তফিকুৰ ৰহমান, গণ বাৰ্তা , চেঙা ১৬ ডিচেম্বৰ: নলবাৰী জিলাৰ দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক তথা কবি-লেখক, নিবন্ধকাৰ ৰমনী নাথক আজি বিদ্যালয় কৰ্তৃপক্ষই বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে ৷ দৌলাশাল হাইস্কুল প্ৰাংগণত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক চৰিফুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিক্ষক ৰমনী নাথক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে বিদ্যালয়খনৰ শিক্ষক ৰমনী নাথক অসমৰ সাহিত্য-সামাজিক-সাংস্কৃতিক কেন্দ্ৰ কৃষ্টিপথাৰে প্ৰদান কৰা “কাব্যশ্ৰী বঁটা ২০২০"ৰ বাবে শিক্ষক তথা সাহিত্যিক গৰাকীক আজি বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে ৷ বিদ্যালয়ৰ সহকাৰী শিক্ষক গণেশ তালুকদাৰে আঁত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ভাৰ্গব চৌধুৰীয়ে ৷ উল্লেখযোগ্য  যে নলবাৰী জিলাৰ ৰামপুৰৰ নিৱাসী তথা বিদ্যালয়খনৰ সহকাৰী শিক্ষক ৰমনী নাথে শিক্ষকতাৰ সমান্তৰালভাৱে সাহিত্য চৰ্চাতো মনোনিবেশ কৰি ইতিমধ্যে সাহিত্যানুৰাগীসকলৰ মাজত তিনিখন গ্ৰন্থ ক্ৰমে শৰতৰ জোনাক(যুটীয়া), দেওলগা অতীত আৰু সহযাত্ৰী উলিয়াই দিছে ৷ তদুপৰি শতাধিক কবিতা সৃষ্টি কৰিও বিৰিণা গোষ্ঠী অসমৰ দ্বাৰা প্ৰকাশিত 'বৃন্তিকা'কে আদি কৰি কে'বাখনো কাব্য আলোচনীত কবিতাসমূহ প্ৰকাশ পাইছে ৷ যোৱা ৬ ডিচেম্বৰত ৰমনী নাথে বৰপেটাৰোডস্থিত সাহিত্য ভৱনত এই বঁটা গ্ৰহণ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাত বিদ্যালয় কৰ্তৃপক্ষই আজি ৰমনী নাথক ফুলাম গামোচা আৰু মানপত্ৰৰে শুভেচ্ছা জ্ঞাপন কৰে ৷বিশেষ ভাবে অনুষ্ঠিত সম্বৰ্ধনা সভাখনত বিৰিণা গোষ্ঠী অসমৰ সম্পাদক তফিকুৰ ৰহমানে ৰমনী নাথক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই ৰমনী নাথক সম্বৰ্ধনা জনোৱাৰ বাবে শিক্ষকগোটৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰো শলাগ লয় ৰহমানে। বিৰিণা গোষ্ঠী অসমৰ সহকাৰী সম্পাদক ৰমনী নাথে কাব্যশ্ৰী বঁটা লাভ কৰি সমগ্ৰ অঞ্চলটোৰ লগতে বিৰিণা গোষ্ঠী অসমলৈও সুনাম কঢ়িয়াই অনা বুলি উল্লেখ কৰে বিৰিণা গোষ্ঠী অসমৰ সম্পাদক তফিকুৰ ৰহমানে। বঁটাপ্ৰাপক ৰমনী নাথে মনৰ অনুভৱ ব্যক্ত কৰি কয় যে -'আজি মোৰ খুব ভাল লাগিছে ।এনেকুৱা বঁটাই মোক নৱসৃষ্টিৰ বাবে প্ৰেৰণা যোগাব।"  নৱ প্ৰজন্মক সাহিত্যৰ জৰিয়তে এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে বঁটাপ্ৰাপক ৰমনী নাথে সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক কামালউদ্দিন আহমেদ,সহকাৰী শিক্ষক ক্ৰমে হৰগোবিন্দ নাথ, নৱ কুমাৰ কলিতা, জয়ন্ত দাস, ললিতা দাসে ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্যি প্ৰেৰণামূলক বক্তব্য আগবঢ়ায় আৰু ৰমনী নাথক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক অধ্যায়নৰ সমান্তৰালভাৱে কবিতা, সাহিত্য চৰ্চাৰ প্ৰতিও মনোনিবেশ কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিজৰ মাজত লুকুৱাই থকা প্ৰতিভা সমূহ প্ৰতিফলিত কৰিবলৈ কয় ৷

No comments