গণবাৰ্তা বিশেষ,মুকালমুৱা,২৬ ডিচেম্বৰ: আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰা জাতীয় কংগ্ৰেছ দলে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ ...
গণবাৰ্তা বিশেষ,মুকালমুৱা,২৬ ডিচেম্বৰ: আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰা জাতীয় কংগ্ৰেছ দলে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰক্ষেত্ৰীতো সময়ে সময়ে অনুষ্ঠিত কৰিছে ভিন্ন সভা।আজি বৰক্ষেত্ৰীৰ ঘোগাত অনুষ্ঠিত হয় এখন যোগদান সভা। ৰফিকুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাখনত উদ্দেশ্য বাখ্যা কৰে হাফিজুৰ ৰহমানে।সভাত উপস্থিত থাকি নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে কয় যে- বিজেপি চৰকাৰৰ কামৰ প্ৰতি এতিয়া সাধাৰণ ৰাইজ অতিষ্ঠ হৈছে।নেতা গৰাকীয়ে লগতে কয় যে কা আইনৰ দ্বাৰা বিজেপিয়ে বালাংদেশী লোকক সংস্থাপন দিয়াৰ কু-চক্ৰান্ত কৰিছে।সেয়ে,বিজেপিৰ এনে কেতবোৰ কৰ্ম কাণ্ড দেখি খাটি খোৱা,শ্ৰমজীৱি লোকসকলে কংগ্ৰেছ দলত যোগদান কৰাৰ চিন্তা চৰ্চা কৰিছে। আজিৰ সভাত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক চাধুল্লা আলী, ঘোগা মণ্ডল কংগ্ৰেছৰ সভাপতি মোস্তোফা আলী প্ৰমুখ্যে কংগ্ৰেছৰ ভিন্ন পৰ্যায়ৰ বিষঢয়ববীয়া কৰ্মীসকল উপস্থিত থাকে।উল্লেখ্য যে অগপ দলৰ নেতা ৰমজান আলী সহ কেবাজনো লোক আজিৰ এই সভাৰ জড়িয়তে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।
No comments