গণবাৰ্তা,জনীয়া,১১ ডিচেম্বৰ : বৰপেটা জিলাৰ বৃহত্তৰ বামুনটাৰীৰ ই- ৰিক্সা চালকৰ আহ্বান ক্ৰমে যোৱা ১০ ডিচেম্বৰত বামুনটাৰী চ'কত ই- ৰিক্সা চা...
গণবাৰ্তা,জনীয়া,১১ ডিচেম্বৰ : বৰপেটা জিলাৰ বৃহত্তৰ বামুনটাৰীৰ ই- ৰিক্সা চালকৰ আহ্বান ক্ৰমে যোৱা ১০ ডিচেম্বৰত বামুনটাৰী চ'কত ই- ৰিক্সা চালকৰ শাখা কমিটি গঠনাৰ্থে এখন সাধাৰণ সভা অনুষ্ঠিত হয় । ৰূপসী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য আজগৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দ্যেশ্য ব্যাখ্যা কৰে সদৌ বৰপেটা জিলা ই-ৰিক্সা চালক ইউনিয়নৰ সম্পাদক আব্দুল হাইয়ে । উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে সদৌ বৰপেটা জিলা ই-ৰিক্সা চালক ইউনিয়নৰ সভাপতি অচ্যুৎ পাঠকে বামুনটাৰীত ই -ৰিক্সা চালকৰ শাখা গঠন সন্দৰ্ভত কয় যে ই- ৰিক্সা চালক সকলে যাতে সংগঠিত হবলৈ গৈ অসংগঠিত হৈ নপৰে তাৰ ওপৰত গুৰুত্ব দিয়া প্ৰযয়োজন বুলি মন্তব্য কৰে । সেইয়ে সকলো চালকক একেখন মঞ্চত থিয় হবলৈ আহ্বান জনায় । সভাত ইউনিয়নৰ উপ- সভাপতি আব্দুল হালিমে কয় যে এইখন কেৱল ই ৰিক্সা ইউনিয়নেই নহয় ই এক সমন্বয়ৰ প্ৰতিক হিচাপে কাম কৰি যাব । সভাত জনীয়াৰ জ্যেষ্ঠ মইনুল হক চৌধুৰীয়ে ই-ৰিক্সা চালক সকলৰ উদ্দেশ্যি কয় যে যান বাহন আইনৰ নীতি- নিয়মৰ প্ৰতি সজাগ থাকিলে বহুতো দুৰ্ঘটনাৰ পৰা নিজৰ লগতে আনক ৰক্ষা কৰিব পাৰি । যাৰ বাবে চালক সকলৰ মাজত এটি প্ৰশিক্ষণ শিবিৰৰ পোষকতা কৰে ।। সভাত ইউ এচ এ প্ৰি ছিনিয়ৰ মাদ্ৰাছাৰ শিক্ষক নজৰুল ইছলামকে ধৰি বহু কেইগৰাকী অতিথিয়ে বক্তব্য প্ৰদান কৰে। অন্তত বাবুল খানক সভাপতি , ইকবাল হুছেইন ক উপ সভাপতি,ৰকিবুল ইছলাম ক সাধাৰণ সম্পাদক,দানেচ আলীক সহকাৰী সম্পাদক হিচাপে লৈ এখন বামুনটাৰী ই ৰিক্সা চালকৰ শাখা কমিটি গঠন কৰা হয় ।
No comments