Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মন্থৰ ইণ্টাৰনেটৰ বাবে অখিল গগৈৰ জামিন আবেদনৰ শুনানিত ব্যাঘাতঃ পুনৰ ১০ ডিচেম্বৰত শুনানি

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ ডিচেম্বৰ ঃ দীৰ্ঘদিন ধৰি কাৰাগাৰত আবদ্ধ হৈ থকা অখিল গগৈৰ জামিনৰ সম্ভাৱনা আজি জাগি উঠাৰ কথা আছিল যদিও লেহেমীয়া ইণ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ ডিচেম্বৰ ঃ দীৰ্ঘদিন ধৰি কাৰাগাৰত আবদ্ধ হৈ থকা অখিল গগৈৰ জামিনৰ সম্ভাৱনা আজি জাগি উঠাৰ কথা আছিল যদিও লেহেমীয়া ইণ্টাৰনেটৰ বাবে আজিৰ শুনানিত ব্যাঘাত জন্মে। উল্লেখ্য যে পূৰ্বৰ শুনানিত অখিল গগৈৰ অধিবক্তাই বক্তব্যৰ সামৰণি মাৰিছিল। ইয়াৰ পিছত ‘নিয়া’ৰ অধিবক্তাই বক্তব্য ৰখাৰ বাবে সময় বিচাৰিছিল। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু কল্যাণ ৰায় সুৰানাৰে গঠিত খণ্ড বিচাৰপীঠে আজি অখিল গগৈৰ জামিন আবেদনৰ চূড়ান্ত দিন ধাৰ্য কৰিছিল। দিল্লীৰ পৰা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাক প্ৰতিনিধিত্ব কৰি ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি শুনানি কাৰ্যত সংযুক্ত হৈছিল অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজু। দিল্লীৰ পৰা সংযুক্ত হৈ আছিল অখিল গগৈৰ অধিবক্তা হুজেফা এহমদী।

 পুৱা ১০ বজাত শুনানি আৰম্ভ কৰা হৈছিল যদিও নিয়াৰ অধিবক্তাগৰাকীৰ বক্তব্য ন্যায়াধীশ দুগৰাকীয়ে নুশুনাৰ কাৰণ দেখুৱাই ২ বজাৰ সময় নিৰ্ধাৰণ কৰে। পুনৰ ২ বজাত শুনানি আৰম্ভ হয় যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মন্থৰ ইণ্টাৰনেট সংযোগৰ বাবে শুনানিত ব্যাঘাত জন্মে। নিয়াৰ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰিছিল যদিও লেহেমীয়া ইণ্টাৰনেটৰ বাবে সেয়া বোধগম্য নহয়। যাৰ বাবে পৰৱৰ্তী শুনানি অহা ১০ ডিচেম্বৰ ধাৰ্য কৰে উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ সুৰানাই নিয়াৰ অধিবক্তাগৰাকীক পৰৱৰ্তী দিনৰ প্ৰসংগত প্ৰশ্ন কৰাত তেওঁ কয় যে যিহেতু আবেদনকাৰীগৰাকী এবছৰ ধৰি কাৰাগাৰাত আছে সেয়ে শীঘ্ৰে দিন দিলে ভাল। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু কল্যাণ ৰায় সুৰানাই অহা ১০ ডিচেম্বৰ তাৰিখ ঘোষণা কৰে।

No comments