লক্ষীপুৰ, ১৫ ডিচেম্বৰ: গোৱালপাৰা জিলাৰ ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ সভা কক্ষত কালি গোৱালপৰীয়া যুৱ সমাজ জে এফ ফাউন্ডেচন আৰু মাইন'ৰিটি ...
লক্ষীপুৰ, ১৫ ডিচেম্বৰ: গোৱালপাৰা জিলাৰ ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ সভা কক্ষত কালি গোৱালপৰীয়া যুৱ সমাজ জে এফ ফাউন্ডেচন আৰু মাইন'ৰিটি ডেভেলপমেন্ট ছচিয়েল ৱেলফেয়াৰ ছচাইটিৰ সৌজন্যত এখনি সজাগতা সভা অনুষ্ঠিত হয়। গোৱালপাৰা জিলা যুৱ সমাজৰ সম্পাদক দিবাকৰ মেধিয়ে আঁত ধৰা সভাত বিশিষ্ঠ অতিথি হিচাপে অংশগ্ৰহণ কৰে আন্তৰাষ্ট্ৰীয় ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰী। ভাষণ প্ৰসংগত বিশিষ্ঠ ব্যাৱসায়ী চৌধুৰীয়ে কয় যে তেওঁৰ কোনো ৰাজনীতি কৰাৰ ইচ্ছা নাই । কিন্তু অসমৰ ধৰ্মীয় সংখ্যালঘূ লোক সকল অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক দিশত বহুত পিছ পৰি আছে। এওঁলোকক চৰকাৰ সমূহে বাৰে বাৰে দেশৰ নাগৰিকৰ নামত, ভাষাৰ নামত, ধৰ্মৰ নামত হাৰাশাস্তি কৰি আছে। ইয়াৰ মূল কাৰণ হৈছে শিক্ষা অভাৱ। এইক্ষেত্ৰত সাধাৰণ ৰাইজক সজাগ কৰি শিক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাই হল তেওঁৰ মূল লক্ষ্য। সজাগতা সভা খনত অংশ গ্ৰহণ কৰি সংখ্যালঘূ উন্নয়ন বোৰ্ডৰ অধ্যক্ষ তথা বিজেপি নেতা আব্দুৰ ৰহিম জিব্ৰানে ভাষন প্ৰসংগত কয় যে গোৱালপাৰা পশ্চিম সমষ্টিৰ দৰে সংখ্যালঘূ অধ্যুষিত সমষ্টিত সংখ্যালঘূ ৰাইজৰ উন্নয়নৰ হকে মাত মতা নেতাৰ অভাৱ। একাংশ সংখ্যালঘূ নেতাই ভোটত জয় লাভ কৰি গুৱাহাটীত মাটি বাৰী ক্ৰয় কৰি সুখী জীৱন যাপন কৰে। তেওঁলোক সাধাৰণ ৰাইজৰ উন্নয়নৰ হকে নহয় অকল নিজৰ কথা ভাবে। নিজৰ স্বাৰ্থৰ সিদ্ধি কৰাই হল তেওলোকৰ ৰাজনীতি কৰাৰ মূখ্য উদ্দেশ্য। সভাত লগতে ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুল ৱাহাব, অধ্যাপক জালাল উদ্দিন আহমেদ, অধ্যাপক শ্বৰিফুল ইচলাম, অভিনেত্ৰী-গায়িকা ভণিতা মেধি অভিনেত্ৰী তথা মডেল ৰিচা শৰ্মা, সমাজকৰ্মী আখতাৰ হুচেইন জোদ্দাৰ, জিলা যুৱ সমাজৰ উপ সভাপতি নজৰুল ইচলাম প্ৰমূক্ষে গন্য-মান্য ব্যক্তিয়ে ভাষণ আগবঢ়ায়। বিশিষ্ট ব্যাৱসায়ী তথা সমাজকৰ্মী হাবিব মহম্মদ চৌধুৰীয়ে হেলিকপ্টাৰেৰে সজাগতা সভা খনত অংশ গ্ৰহণ কৰাত হেলিকপ্টাৰ চাবলৈ ৰাইজৰ মাজত এক কৌতুহলৰ সৃষ্টি হয়।
No comments