Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিটিচি মানে হাগ্ৰামা নহয় , হাগ্ৰামা মানে বিটিচি নহয় ঃ তামুলপুৰত ব্যাপক নিৰ্বাচনী প্ৰচাৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

আৰিফ আহমেদ, তামুলপুৰ, ৫ ডিচেম্বৰ ঃ  এইবাৰৰ বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিক ভোট দিলে বিটিচিত ইমান বছৰে চলি থকা অন্যায়, অবিচাৰ সম্পূৰ্ণৰূপে ন...

আৰিফ আহমেদ, তামুলপুৰ, ৫ ডিচেম্বৰ ঃ  এইবাৰৰ বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিক ভোট দিলে বিটিচিত ইমান বছৰে চলি থকা অন্যায়, অবিচাৰ সম্পূৰ্ণৰূপে নিৰ্মূল হ’ব। হাগ্ৰামা মহিলাৰীক ভোট দিয়া মানে দুৰ্নীতিৰ বজাৰখন চলি থাকিব। ইমান দিনে বিটিচিবাসী ৰাইজে দুখত থাকিল। অহা ১২ ডিচেম্বৰৰ পৰা বিটিচিবাসী ৰাইজ আৰু দুখত থাকিব নালাগে। বিটিচিত আকৌ নতুন প্ৰভাত হ’ব। বিটিচিত নতুন সূৰুযে ভুমুকি মাৰিব। পদুম ফুলৰ পাহি পাহি ভোট দিম হাঁহি হাঁহি— এই ভাষ্য অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব লগা বিটিচি নিৰ্বাচনৰ আজি প্ৰচাৰ কাৰ্যৰ অন্তিম দিনা তামুলপুৰত দুখনকৈ বিশাল নিৰ্বাচনী সভাত অংশ লৈ ড০ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে। উল্লেখ্য যে আজি ড০ হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰ মহকুমাৰ অধীনস্থ ২৮ নম্বৰ গয়বাৰী সমষ্টিৰ প্ৰাৰ্থী হেমন্ত কুমাৰ ৰাভা আৰু ২৬ নম্বৰ দৰঙাজুলি সমষ্টিৰ প্ৰাৰ্থী দেৱেন বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। 

হাজাৰ হাজাৰ জনতাক সম্বোধি মন্ত্ৰী ড০ শৰ্মাই কয়— বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰ হ’ব। বিজেপিৰ চৰকাৰ হ’লে বিটিচিত সকলোৱে সম অধিকাৰ, সম মৰ্যাদা লাভ কৰিব। সকলোৱে ন্যায় পাব। সকলোৰে সম বিকাশ হ’ব। বিটিচিলৈ উন্নয়নৰ গংগা নমাই আনিব লাগিব। উন্নয়নৰ নতুন দ্বীপলৈ ৰূপান্তৰ কৰিব লাগিব। বিটিচিখন নতুন ৰূপত গঢ় দিব লাগিব। গয়বাৰী সমষ্টিৰ সদৰ ঘগ্ৰাচ’কত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাখনত তেওঁ পুনৰ কয়— অহাবাৰ ডিচেম্বৰত বিটিচিবাসী ৰাইজৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব। নতুন ৰাতিপুৱা আহিব। ইতিমধ্যে কালৰাত্ৰি আঁতৰিছে, এতিয়া নতুন প্ৰভাত অহাৰ পথত। বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি মন্ত্ৰী ড০ শৰ্মাই কয়— বিপিএফে ঘৰৰ নামত, চাউলৰ নামত, শৌচালয়ৰ নামত, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ নামত ব্যাপক দুৰ্নীতি কৰিছে। 

হাগ্ৰামাৰ ভিচিডিচি আৰু আমাক নালাগে। হাতীয়ে ইমান খাব নোৱাৰে, হাগ্ৰামাৰ ভিচিডিচিয়ে যিমান খাইছে। সেয়েহে হাগ্ৰামাৰ ভিচিডিচিক ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিব। ভিচিডিচিৰ পৰিৱৰ্তে আমি বিটিচিত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰিম। ভাষণত তেওঁ পুনৰ কয়, বিটিচিত বহু অন্যায় হৈ আছিল। ইমান অন্যায় হৈ থকাটো আমি আগতে গম পোৱা নাছিলোঁ।  আমি পাঁচ বছৰ আগতে আহিব লাগিছিল। ৰাইজক এইবোৰ কথা পাহৰি বিজেপিক ভোট দিয়াৰ বাবে মন বান্ধি ল’বলৈ তেওঁ আহ্বান জনায়। হাগ্ৰামা মহিলাৰীয়ে ড০ হিমন্ত বিশ্ব শৰ্মাক বিটিচিলৈ আহিব নিদিওঁ বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত আজি ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়— মোক বিটিচিলৈ আহিবলৈ নিদিওঁ বুলি ক’বলৈ হাগ্ৰামা কোন হয় · এইখন আমাৰ বিটিচি, এইখন আমাৰ অসম, এইখন আমাৰ ভাৰতষ। 

সকলোৱে সকলো ঠাইতে যোৱাৰ অধিকাৰ আছে। হাগ্ৰামা মানে বিটিচি নহয়, বিটিচি মানে হাগ্ৰামা নহয়। নাচি-বাগি প্ৰচাৰ চলোৱা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আকৌ কয় যে বিটিচিবাসীক ইমান দিনে হত্যা, গুলী-বাৰুদ আদিয়ে আক্ৰান্ত কৰি থৈছিল। কিন্তু নৰেন্দ্ৰ মোদীৰ শাসন কালৰ পৰাই বিটিচিত বন্দুকৰ পৰিৱৰ্তে গান আহিল। হত্যা-সন্ত্ৰাসবাদ বন্ধ হ’ল। শান্তি আহিল। বন্দুকৰ পৰা গানলৈ পৰিৱৰ্তন কৰি দিলে নৰেন্দ্ৰ মোদীয়ে। এতিয়া শান্তিৰ সুযোগ লৈ আমি বিকাশ আনিব লাগিব। বিকাশ আনিবলৈ দিল্লী-দিছপুৰত থকাৰ দৰে বিটিচিতো বিজেপি চৰকাৰ থাকিব লাগিব। আজি অনুষ্ঠিত দুয়োখন সভাত ভাগ লৈ মন্ত্ৰী ড০ শৰ্মাই তামুলপুৰত এখন চিকিৎসা মহাবিদ্যালয়, তামুলপুৰ মহকুমাক জিলালৈ উন্নীতকৰণ, তামুলপুৰত এখন ডিগ্ৰী কলেজ, পাগলাদিয়া নদীৰ ওপৰত দলং, ১০ কোটি টকা ব্যয়সাপেক্ষে তামুলপুৰত এখন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। 

ইফালে, দৰঙাজুলি সমষ্টিৰ বঙালী অধ্যুষিত অঞ্চল আঙাৰকাটাত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী ড০ শৰ্মাই। উল্লেখ্য যে ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী হেমন্ত কুমাৰ ৰাভাৰ সমৰ্থনত অনুষ্ঠিত সভাখনত অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক অশোক শৰ্মা, যুৱ নেতা ভিক্টৰ কুমাৰ দাস, সুকুমাৰ দাস, বাক্সা জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বডেÿা আদিকে ধৰি কে’বাজনো বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে। ইপিনে, ২৬ নম্বৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী দেৱেন বড়োৰ সমৰ্থনত আঙাৰকাটাত অনুষ্ঠিত সভাখনত মন্ত্ৰী ভৱেশ কলিতা, মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক ইমানুৱেল মোছাহাৰী আদিকে ধৰি কে’বাজনো বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে।

No comments