গণ বাৰ্তা বিশেষ, বিলাসীপাৰা, ২২ ডিচেম্বৰ: অপৰাধ জগতৰ ৰম্যভূমিত পৰিণত হৈছে নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰ। মহকুমাটোৰ বিভিন্ন অঞ্চলত আ...
গণ বাৰ্তা বিশেষ, বিলাসীপাৰা, ২২ ডিচেম্বৰ: অপৰাধ জগতৰ ৰম্যভূমিত পৰিণত হৈছে নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰ। মহকুমাটোৰ বিভিন্ন অঞ্চলত আৰক্ষীৰ একপ্ৰকাৰৰ নিষ্ক্ৰিয় ভূমিকাৰ সুযোগ গ্ৰহণ কৰিয়েই যেন চোৰ, ডকাইতে সঘনাই চলাই আহিছে চুৰি ডকাইতিৰ ঘটনা। উল্লেখ্য যে বিগত এটা মাহত অকল বিলাসীপাৰা চহৰতে সংঘটিত হৈছে কেবাটাও কৈ ডকাইতি আৰু চুৰি কাণ্ডৰ ঘটনা। তেনে সময়তে পুনৰ যোৱা নিশা বিলাসীপাৰাত সংঘটিত হয় ধৰ্মীয় স্থান তথা মন্দিৰত চুৰি কাণ্ড। জানিৱপৰামতে নিশা চহৰ খনৰ ৮ নম্বৰ ৱাৰ্ডৰ ভৈৰৱগঞ্জ কালী মন্দিৰত চোৰে চলায় ছাফাই অভিযান। মন্দিৰৰ দুৱাৰ ভাঙি চোৰে ভিতৰত প্ৰৱেশ কৰি মন্দিৰৰ বিভিন্ন সা সামগ্ৰীৰ লগতে চোৰে চুৰি কৰি নিয়ে কালী মাতাৰ সোণ ৰূপৰ আ অলংকাৰসমূহ। পিছত ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা আৰক্ষীৰ দল। ঘটনা সন্দৰ্ভত ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা লৈকে কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।
No comments