Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গহপুৰত ২১০ কাৰ্টুন অৰুণাচলী সুৰা জব্দ; আটক দুজন

 গণ বাৰ্তা বিশেষ,গহপুৰ,৩১ ডিচেম্বৰ: গহপুৰত বুধবাৰৰ নিশা আবকাৰী বিভাগে এক গোপন সুত্ৰৰ পম খেদি প্ৰায় ২ লাখ ৫২ হাজাৰ টকাৰ মূল্যৰ বিভিন্ন ব্ৰেণ্...


 গণ বাৰ্তা বিশেষ,গহপুৰ,৩১ ডিচেম্বৰ: গহপুৰত বুধবাৰৰ নিশা আবকাৰী বিভাগে এক গোপন সুত্ৰৰ পম খেদি প্ৰায় ২ লাখ ৫২ হাজাৰ টকাৰ মূল্যৰ বিভিন্ন ব্ৰেণ্ডৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইণ্ডিয়ান অইল ডিপোৰ পৰা তেল ভৰাই থকা সময়তে AS 07 AC-9499  নম্বৰৰ বলেৰ পিকআপ এখনৰ পৰা ১৮০ কাৰ্টুন অৰুনাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । নাহৰলগুনৰ পৰা অৰুণাচলৰ ডিয়াঙলৈ কঢ়িয়াই নিছিল সুৰাখিনি ।

আনহাতে¸ আৱকাৰীয়ে আন এক অভিযানত AS 12 P-2284 নম্বৰৰ মহেন্দ্ৰ কে ইউ ভি¸ বাহনৰ পৰা  ৩১ কাৰ্টুন অবৈধ অৰুনাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । আৰু সুৰা কঢ়িওৱা গাড়ী দুখনৰ চালক দুজনকো আৱকাৰীয়ে কৰায়ত্ব কৰে । 


No comments