Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাৰ বহৰিত অগপৰ শক্তি প্ৰদৰ্শণঃ বিশাল মহিলা সমাৰোহত অংশ ললে ফনীভূষণ চৌধুৰী, কেশৱ মহন্তই

আজিজুল হক,  ভেল্লা , ১৯ ডিচেম্বৰঃ বৰপেটাৰ বহৰিত অগপৰ শক্তি প্ৰদৰ্শণ ৷ বহৰিৰ হৰিদেৱ ক্ষেত্ৰত আজি চেঙা সমষ্টিভিত্তিক মহিলা সমাৰোহত সমষ্টিটোৰ ...


আজিজুল হক,  ভেল্লা , ১৯ ডিচেম্বৰঃ বৰপেটাৰ বহৰিত অগপৰ শক্তি প্ৰদৰ্শণ ৷ বহৰিৰ হৰিদেৱ ক্ষেত্ৰত আজি চেঙা সমষ্টিভিত্তিক মহিলা সমাৰোহত সমষ্টিটোৰ কেবা হাজাৰ মহিলা কৰ্মী সমৰ্থকে অংশগ্ৰহন কৰি চেঙাত দলটেৰ স্থিতি আৰু শক্তি প্ৰদৰ্শণ কৰে ৷ অগপৰ চেঙা সমষ্টি মহিলা পৰিষদৰ সভানেত্ৰী মেনকা দাসৰ সভাপতিত্বত অনুষ্ঠিত মহিলা সমাৰোহখনত অংশগিৰহন কৰি অগপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ লগতে কেবাগৰাকীও নেতাৰ উপস্থিতিত বহৰিত অনুষ্ঠিত মহিলা সমাৰোহত ব্যাপক সংখ্যক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাই অংশগ্ৰহন কৰে ৷ মুলতঃ কংগ্ৰেছৰ দখলত থকা চেঙা সমষ্টিৰ পৰা ২১ ৰ নিৰ্বাচনত অগপ প্ৰাৰ্থী জয়ী কৰোৱাৰ লক্ষ্যৰে অনুষ্ঠিত মহিলা সমাৰোহত অংশগ্ৰহন কৰি মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে অগপ এতিয়াও কিমান শক্তিশালী সেয়া প্ৰমাণ কৰিবলৈকে মহিলা সমাৰোহ অনুষ্ঠিত কৰা বুলি মন্তব্য কৰে ৷ চেঙা সমষ্টিত এতিয়াও অগপ দল শক্তিশালী হৈ থকা বুলি দাবী কৰি ২১ৰ নিৰ্বাচনত চেঙা সমষ্টিত অগপৰ প্ৰাৰ্থী থাকিব বুলি প্ৰকাশ কৰাৰ লগতে চেঙা সমষ্টিটো অগপই দখল কৰিব বুলিও দাবী কৰে ৷ আনহাতে পাটাছাৰকুছি সমষ্টিৰ অগপ নেতা কৰ্মীসকলৰ আস্থা আৰু বিশ্বাস হেৰুৱাই পেলােৱাৰ লগতে ২১ৰ নিৰ্বাচনত জিকাৰ সম্ভাৱনা নথকাৰ বাবেই বিধায়ক পবিন্দ্ৰ ডেকাই অগপ ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা বুলি দাবী কৰে ফনীভূষণ চৌধুৰীয়ে ৷ পবিন্দ্ৰ ডেকাই অগপ ত্যাগ কৰি জাকীয় পৰিষদত যোগদান কৰিলেও তেওৰ স্থিতি কিমান শক্তিশালী সেয়া সময়ে প্ৰমাণ কৰিব বুলিও মন্তব্য কৰে ৷ নৱ গঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক কটাক্ষ কৰি প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন হয়েই বুলি মন্তব্য কৰে ফনীভূষন চৌধুৰীয়ে ৷ যিসকলে নতুন ৰাজনৈতিক দল গঠন কৰিছে তেওলেৰে এনেয়েও অগপক ভোট নিদিয়ে ৷ সেয়ে এই দলবোৰে অগপক কোনোধৰনে ক্ষতি নকৰে বুলিও তেও মন্তব্য কৰে ৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰতি শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে দল দুটাৰ প্ৰতি ৰাইজৰ কিমান সমৰ্থন আছে সেই কথা ২১ৰ নিৰ্বাচনত ওলাই পৰিব বুলিও তেও প্ৰকাশ কৰে ৷

আনহাতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বহৰিত অনুষ্ঠিত মহিলা সমাৰোহখনত হাজাৰ হাজাৰ সংখ্যালঘু মহিলাৰ অংশগ্ৰহনে সমষ্টিটোৰ ৰাদনীতিত বিশেষ প্ৰভাৱ পেলাব বুলি মন্তব্য কৰাৰ লগতে এয়া অগপৰ বাবে শুভ লক্ষণ বুলি অভিহিত কৰে আৰু আগন্তুক ২১ৰ নিৰ্বাচনত চেঙা সমষ্টিত অগপ প্ৰাৰ্থী জয়ী হব বুলিও দাবী কৰে ৷ ২০১৬ৰ নিৰ্বাচনত চেঙা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী দিছিল যদিও ২১ৰ নিৰ্বাচনত চেঙা সমষ্টিত অগপৰ প্ৰাৰ্থী থাকিব বুলি একপ্ৰকাৰ দৃঢ়তাৰে দাবী কৰে অগপৰ কাৰিযকৰী সভাপতি কেশৱ মহন্তই ৷ ইপিনে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাই পূৰ্বেও অগপৰ পৰা পদত্যাগ কৰি অন্য দলত যোগদান কৰিছিল বুলি মন্তব্য কৰি পবিন্দ্ৰ ডেকাৰ দলত্যাগে অগপত কোনো প্ৰভাৱ নেপেলায় বুলিও তেও দাবী কৰে ৷ ষ্টুডিওত বহি অগপ ধূলিস্যাৎ হৈ যোৱা বুলি মন্তব্য কৰিলেও অসমৰ ৰাইজে এতিয়াও অসম গণ পৰিষদক কিদৰে শকিতিবান কৰি ৰাখিছে সেয়া ৰাইজৰ মাজলৈ গৈ উমান লবলৈ তেও আহ্বান জনায় ৷ ৰাজ্যৰ ৮৫টা সমষ্টিত অগপৰ প্ৰাৰ্থীয়ে এবাৰৰ পৰা সাত বাৰলৈকে বিজয়ী হোৱাৰ নজিৰ আছে ৷ ৩৫ বছৰীয়া ৰাজনৈতিক যাত্ৰাত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক লৈ অগপই আঞ্চলিকতাবাদৰ ধ্বজা বহন কৰি থকাৰ কথা উল্লেখ কৰে ৷ আনহীতে বহৰিৰ খহনীয়া সমস্যা সমাধানৰ বাবে আচনি গিৰহন কৰা বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ চেঙা সমষ্টি মহিলা পৰিষদৰ সভানেত্ৰী মেনকা দাসৰ সভাপতিত্বত অনুষ্ঠিত মহিলা সমাৰোহত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাস, অগপৰ সাধাৰণ সম্পাদক ভূপেন ৰয়, মহিলা পৰিষদৰ বন্তি তালুকদাৰ, দিপ্তী দাস, চেঙা সমষ্টিৰ অগপৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰবিউল হুছেইন, মজনুৰ ৰহমান, ৰফিকুল ইছলামৰ লগতে কেবাগৰাকীও নেতাই অংশগ্ৰহন কৰে ৷

No comments