Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অগপৰ আঞ্চলিক সভাপতিকে ধৰি বহু সংখ্যক ব্যক্তিৰ ৰাইজৰ দলত যোগদান

  ষ্টাফ ৰিপৰ্টাৰ যোৰহাট, ২৫ ডিচেম্বৰ :  "আঞ্চলিকতাবাদ আমাৰ তেজত আছে । অসমীয়া জাতীয়তাবাদ যদি কোনোবাই ভাবিছে তেন্তে তেওঁ মূৰ্খৰ স্বৰ্গত ব...


 ষ্টাফ ৰিপৰ্টাৰ যোৰহাট, ২৫ ডিচেম্বৰ : "আঞ্চলিকতাবাদ আমাৰ তেজত আছে । অসমীয়া জাতীয়তাবাদ যদি কোনোবাই ভাবিছে তেন্তে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। কেইজনমান নেতাই আঞ্চলিকতাবাদ, জাতীয়তাবাদক প্ৰতাৰণা কৰি ব্যক্তিগত লাভ লোকচানৰ অংকত ৰাষ্ট্ৰীয়তাবাদৰ পোচাক পিন্ধিলেও অসমৰ লাখ লাখ জনতাই এতিয়াও আপোচবিহীন আঞ্চলিক ৰাজনীতিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে । সেই ৰাইজৰ আকাংক্ষাক সন্মান জনায়ে আমি আজি এটা আঞ্চলিক দলৰ পৰা আন এটা আঞ্চলিক দলত যোগ দিছো ।" আজি ৰাইজৰ দলৰ যোৰহাট জিলা কাৰ্যালয়ত আয়োজন কৰা এক যোগদান কাৰ্যসূচীত ৩৫ নম্বৰ পটীয়া ফকলা গাঁও পঞ্চায়তৰ অসম গণ পৰিষদৰ সভাপতি তথা পঞ্চায়তৰ নিৰ্বাচিত প্ৰাক্তন সভাপতি ৰাজীৱ দত্ত (ৰাম কুমাৰ) ই ৰাইজৰ দলত আনুষ্ঠানিক ভাবে যোগদান কৰি এই দৰে কয়। এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলৰ যোৰহাট জিলাৰ সভাপতি তথা ৰাজ্যিক আহ্বায়ক দিব্যজ্যোতি শৰ্মাই ৰাজীৱ দত্তৰ দৰে লোক সকলৰ বাবেই আঞ্চলিক ৰাজনীতি এতিয়াও সজীৱ হৈ আছে বুলি মন্তব্য কৰে । দলৰ জেষ্ঠ্য সদস্য তথা যোৰহাট সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কুমাৰ খনিকৰ আৰু উপ সভাপতি ডা° গোলাপ ডেকাই দলৰ প্ৰতীক বস্ত্ৰ আৰু গোলাপ ফুলেৰে দললৈ উষ্ম আদৰণী জনায়। উল্লেখযোগ্য যে ৰাইজৰ দলত ৰাইজৰ যোগদানৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে ৰাষ্ট্ৰীয়তাবাদী তথা সাম্প্ৰদায়িক ফেচীবাদী দল সমূহে ৰাইজক নানা প্ৰলোভনেৰে ধৰি ৰখাৰ যত্ন কৰিছে। যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে ধনৰ প্ৰলোভন দিয়াৰো অভিযোগ উঠিছে । আজি জিলা কাৰ্যালয়ত যোৰহাট পৌৰসভাৰ অন্তৰ্গত ১৩ নং ৱাৰ্ডৰ ৰজনীকান্ত ফুকন, নীলকান্ত দত্ত ভাৰতী কলিতা, প্ৰাণ জ্যোতি নাথ, চৈয়দ আলবেৰুণী, দেবানন্দ দত্ত, সৰ্বানন্দ দত্তকে ধৰি বহুকেইজনে যোগদান কৰে । অন্যহাতে কাইলৈ যোৰহাটত বিভিন্ন দলৰ প্ৰায় দ্বিশতাধিক সদস্য তথা ৰাইজে ৰাইজৰ দলত যোগদান কৰিব বুলি জিলা সভাপতি দিব্যজ্যোতি শৰ্মাই জানিবলৈ দিছে। এই যোগদান সম্পৰ্কত অধিক জানিব বিচাৰিলে সভাপতি ৯৪৩৫৫৯৫৬৫৬ অথবা সাধাৰণ সম্পাদক সূৰ্য মোহন দাসক ৯৪৩৫৫৯৪৭৩৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে । আজিৰ যোগদান কাৰ্যসূচীত জিলা সমিতিৰ উপদেষ্টা ত্ৰিদিৱ দত্ত, ভৰত বসুমতাৰী, পুলিচ দাস, উপ সভানেত্ৰী গীতাঞ্জলি বৰা, জিলা সাধাৰণ সম্পাদক সূৰ্য মোহন দাস, তথ্য আৰু প্ৰচাৰ সম্পাদক কেশৰাম চেতিয়া, ধ্ৰুৱজ্যোতি বৰাৰ লগতে বহু সংখ্যক সদস্য-সদস্যা উপস্থিত থাকে।


No comments