Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঢেকিয়াজুলিৰ গাভৰু নৈৰ বালিচৰত বলূকা ভাস্কৰ্য নিৰ্মানৰে ২০২১ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন বলূকা শিল্পী ৰঞ্জন শইকীয়াৰ

  গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি৩১ডিচেম্বৰঃ এটা বছৰে মেলানি মাগিলে৷ ২০২০বৰ্ষটো সমগ্ৰ বিশ্ববাসীয়ে মন ৰাখিব বিশেষকৈ কোভিডৰ বাবে৷২০২০বৰ্ষটো পোৱা নোপ...

 


গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি৩১ডিচেম্বৰঃ এটা বছৰে মেলানি মাগিলে৷ ২০২০বৰ্ষটো সমগ্ৰ বিশ্ববাসীয়ে মন ৰাখিব বিশেষকৈ কোভিডৰ বাবে৷২০২০বৰ্ষটো পোৱা নোপোৱা বেদনাৰ মাজেৰে বিদায় লব আৰু কেইটামান ক্ষনৰ পিছতেই৷আৰম্ভ হব এটা নতুন বছৰ নতুন দিনৰে৷ ২০২১নৱবৰ্ষটি সকলোৰে বাবে কঢ়িয়াই আনিব সুখ আৰু সমৃদ্ধি৷নৱবৰ্ষৰ প্ৰাকক্ষনত প্ৰতিজন লোকে তাকেই কামনা কৰিছে৷পিছ পৰি ৰোৱা নাই শিল্পী সকলেও৷শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ গাভৰু নৈৰ বালিচৰত বলূকা শিল্পী ৰঞ্জন শইকীয়াই নিজৰ শিল্প কৰ্ম বলূকা ভাস্কৰ্য নিৰ্মানৰে ২০২১নৱৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যবাসীক ৷উল্লেখ্য যে গাভৰু নৈ বালিত বলূকা শিল্পী ৰঞ্জন শইকীয়া আৰু তেওঁৰ সহযোগী শিল্পী যীশুজ্যোতি হাজৰিকা,ৰঞ্জন দাহাল,লেখৰাজ,যুগল নাথ আদিয়ে বলূকা নিৰ্মানৰে নৱবৰ্ষ ২০২১ৰ শুভেচ্ছা জনায় ৰাজ্যবাসীক৷ নৈৰ বলূকাত  নবৱৰ্ষৰ শুভেচ্ছা দি নৈ সমূহ পৰিস্কাৰ কৰি ৰাখিবলৈ এক বাৰ্তাও দিয়ে৷ কিয়নো নৱবৰ্ষক আদৰাৰ নামত প্ৰায় সংখ্যক লোকে নৈৰ পাৰত বনভোজ খোৱাৰ পিছত   অপৰিস্কাৰ কৰি দিয়ে ৷সেই বাবে নৈক পৰিস্কাৰ কৰি ৰাখিবলৈ এক বাৰ্তা দিছে বলূকা শিল্পী ৰঞ্জন শইকীয়াই৷এগৰাকী শিল্পীয়ে এনেদৰে নিজৰ শিল্প কৰ্মৰ জৰিয়তে নবৱৰ্ষৰ শুভেচ্ছা দিছে৷


No comments