Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছিপাঝাৰত কংগ্ৰেছৰ কৰ্মী সভাত নৱবৰ্ষৰ কেলেণ্ডাৰ মুকলি

গণ বাৰ্তা , দুমুনিচকী, ২৭ ডিচেম্বৰ : আগন্তুক  বিধান সভা  নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ অন্যান্য সমষ্টিৰ দৰে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিতো  তৎপৰ হৈ পৰ...


গণ বাৰ্তা , দুমুনিচকী, ২৭ ডিচেম্বৰ : আগন্তুক  বিধান সভা  নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ অন্যান্য সমষ্টিৰ দৰে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিতো  তৎপৰ হৈ পৰিছে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ ৷  সমষ্টিটোৰ  ঠায়ে ঠায়ে চলিছে কংগ্ৰেছৰ বিভিন্ন সভা-সমিতি  ৷ চলিছে সমষ্টি পুণৰুদ্ধাৰৰ কুচকাৱাজ ৷ ইয়াৰ অংশ হিচাপে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কুলদীপ বৰুৱাৰ ছিপাঝাৰস্থিত  বাসগৃহত শনিবাৰে অনুষ্ঠিত হয় এখন কৰ্মী সভা আৰু এই সভাতে নৱবৰ্ষৰ কেলেণ্ডাৰ মুকলি কৰা হয়   ৷ সমাজকৰ্মী গংগাৰাম বৈশ্যৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে জিলা কংগ্ৰেছৰ উপসভাপতি ইছমাইল আলী, দুমুনিচকী কুৰুৱা সমষ্টিৰ জিলা পৰিষদৰ সদস্য বাহাৰুল ইছলাম, জিলা কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰেকিবুদ্দিন আহমেদ , সমষ্টিটোৰ  যুৱ কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল বৰুৱা , উপ সভাপতি ৰয়েল বিন আদমকে ধৰি সমষ্টিটোৰ ন-পুৰণি যথেষ্টসংখ্যক দলীয় কৰ্মী আৰু বিষয়ববীয়া । ইফালে ২০২১ চনৰ নতুন বৰ্ষত উৎসাহ-উদ্দীপনাৰে ৰাইজৰ কাষত দলৰ কৰ্মী সকলে কাম কৰিব বুলি সদৰী কৰে। 

No comments