গণবাৰ্তা, ৰামপুৰ, ৮ ডিচেম্বৰ: একাধাৰে সাহিত্যিক, সমালোচক, কবি, গীতিকাৰ, সমন্বয় সাধক, লোক-সংস্কৃতিৰ গৱেষক মাৰ্ক্সবাদী বুদ্ধিজীৱী, শ্ৰেণীহী...
গণবাৰ্তা, ৰামপুৰ, ৮ ডিচেম্বৰ: একাধাৰে সাহিত্যিক, সমালোচক, কবি, গীতিকাৰ, সমন্বয় সাধক, লোক-সংস্কৃতিৰ গৱেষক মাৰ্ক্সবাদী বুদ্ধিজীৱী, শ্ৰেণীহীন-শোষণহীন সমাজকাম্য জীৱন অধ্যাপক শশী শৰমাৰ যোৱা ২০১৯ খৃষ্টাব্দৰ ২৮ জানুৱাৰীত দেহাৱসান হয়। এইগৰাকী প্ৰগতিশীল সাহিত্যৰ সু-সংগঠকৰ প্ৰেৰণা আৰু উপস্থিতিত নতুন সাহিত্য পৰিষদৰ বৰক্ষেত্ৰী শাখা গঠিত হৈছিল। এইগৰাকী প্ৰথিতযশা সাহিত্যিকৰে প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন কৰিবলৈ বৰক্ষেত্ৰী শাখাই প্ৰস্তুতি চলাইছে। সেই উপলক্ষ্যে নতুন সাহিত্য পৰিষদ, বৰক্ষেত্ৰী শাখাই বিভিন্ন কাৰ্যক্ৰমণিকা হাতত লৈছে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে আগন্তুক ২৮ জানুৱাৰী ২০২১ত এখন মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে প্ৰয়াত সাহিত্যিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বক্তৃতা অনুষ্ঠান, গণবন্ধু শশী শৰ্মাৰ জীৱন-মহত্ব-সাহিত্য বিষয় সম্বলিত গ্ৰন্থ উন্মোচন আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰচনাৰ বিষয় "শশী শৰ্মাৰ জীৱন আৰু সাহিত্য"। ইচ্ছুক প্ৰতিযোগীক ৰচনা ১০০০ৰ পৰা ১২০০ শব্দৰ ভিতৰত বগা কাগজৰ এপিঠিত হাতে লিখি অথবা ডিটিপি কৰি আহা ১০ জানুৱাৰী ২০২১ৰ ভিতৰত পোৱাকৈ নিম্ন উল্লেখিত ঠিকনাত পঠিয়াবলৈ অনুৰোধ জনোৱা হৈছে। ৰচনা পঠিওৱা ঠিকনা : ৰমনী নাথ, সম্পাদক, নতুন সাহিত্য পৰিষদ, বৰক্ষেত্ৰী শাখা, সাং আৰু ডাকঘৰ- ৰামপুৰ, পিন-৭৮১৩১২, জিলা- নলবাৰী (অসম)।
No comments