ষ্টাফ ৰিপ'ৰ্টাৰ,নলবাৰী,১৬ ডিচেম্বৰঃ প্ৰগতি পুথিভঁৰাল আৰু অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আৰু বৰবৰী থান উন্নয়ন সমিতিৰ সহযোগত আজি প্ৰয়াত সমোৰাম ত...
ষ্টাফ ৰিপ'ৰ্টাৰ,নলবাৰী,১৬ ডিচেম্বৰঃ প্ৰগতি পুথিভঁৰাল আৰু অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আৰু বৰবৰী থান উন্নয়ন সমিতিৰ সহযোগত আজি প্ৰয়াত সমোৰাম তালুকদাৰ আৰু পৰিয়ালবৰ্গৰ তৃতীয় বাৰ্ষিক স্মৃতিচাৰণ সভা আৰু প্ৰগতি পুথিভঁৰাল আৰু অধ্যয়ন কেন্দ্ৰৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস নলবাৰী জিলাৰ বৰবৰী শিৱ-দুৰ্গা মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।এই উপলক্ষে ৰাতিপুৱা ৯.৩০ বজাত প্ৰগতি পুথিভঁৰাল আৰু অধ্যয়ন কেন্দ্ৰৰ পতাকা উত্তোলন কৰে কেন্দ্ৰৰ সভাপতি তথা অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।ৰাতিপুৱা ৯.৪৫ বজাত ছহিদ তৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰে বৰবৰী থান উন্নয়ন সমিতিৰ প্ৰাক্তন সম্পাদক দিপুল তালুকদাৰে।১০ বজাত ছহিদ বেদীত মাল্যাৰ্পণ কৰে বৰবৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া ৰূপেন কলিতাই।১০.১৫ বজাত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে কৃতী শিক্ষক ক্ষিতীশ চন্দ্ৰ কাকতিয়ে।১০.৩০ বজাত ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা উদ্বোধন কৰে বৰবৰী হাইস্কুলৰ প্ৰধান শিক্ষক মনোৰঞ্জন শৰ্মাই।১০.৪৫ বজাত প্ৰয়াত সমোৰাম তালুকদাৰৰ পৰিয়ালবৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ক্ৰমে জ্যেষ্ঠ নাগৰিক,বৰভাগ সমিতিৰ বিষয়ববীয়া,সমাজসেৱক বিনোদ তালুকদাৰ,যুৱ মঞ্চ,বৰবৰীৰ বিষয়ববীয়া,আঞ্চলিক কল্যাণ সমাজৰ বিষয়ববীয়া,বৰবৰী ব্যৱসায়ী সন্থাৰ বিষয়ববীয়া তথা বিভিন্ন ব্যক্তিয়ে।ৰাতিপুৱা ১০.৫০ বজাত প্ৰয়াত সমোৰাম তালুকদাৰ,বৰদা তালুকদাৰ,ৰুমী তালুকদাৰ,পম্পী তালুকদাৰ,প্ৰগতি তালুকদাৰ আৰু হৰ্ষনন্দিনী কলিতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু পুস্পাঞ্জলি প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে ক্ৰমে প্ৰয়াত ব্যক্তিসকলৰ পৰিয়ালবৰ্গ আৰু উপস্থিত ৰাইজে।ৰাতিপুৱা ১১ বজাত স্মৃতিচাৰণ সভা আৰু প্ৰগতি পুথিভঁৰাল আৰু অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচীৰ আঁত ধৰে যুৱ সমাজকৰ্মী চন্দন চক্ৰৱৰ্তীয়ে।আদৰণি ভাষণ প্ৰদান কৰে এছ বি দেওৰা মহাবিদ্যালয়,গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক জ্ঞানেন্দ্ৰ কলিতাই।স্মৃতিচাৰণ কৰে বিদ্যাভাৰতী মহাবিদ্যালয়ৰ অধ্যক্ষ নিধিৰাম নাথ আৰু বৰবৰী থান উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি বশিষ্ঠ তালুকদাৰে।আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক গিৰীশ চন্দ্ৰ ভট্টাচাৰ্যই প্ৰয়াত ব্যক্তি সকলৰ স্মৃতিচাৰণ কৰে।অনুষ্ঠানত বৰবৰী থান উন্নয়ন সমিতিৰ সম্পাদক প্ৰদীপ ভট্টাচাৰ্যকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।দুুুুপৰীয়াৰ ভাগত পুথিভঁৰালত পুথিদান কাৰ্যসুচীৰ শুভাৰম্ভনি কৰে অসম গ্ৰামীন বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত প্ৰৱন্ধক সমীন্দ্ৰ মহন্তই।প্ৰাচীৰ পত্ৰিকা 'অনুশীলন'ৰ দ্বিতীয় সংখ্যা উন্মোচন কৰে কৃতী শিক্ষক জ্যোতিষ চন্দ্ৰ ভূঞাই। সন্ধিয়াৰ ভাগত একলব্য শিশু মঞ্চৰ দ্বাৰা নিবেদিত শিশু নাট উদ্বোধন কৰে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে।উল্লেখ্য যে,২০১৭ চনৰ ১৬ ডিচেম্বৰৰ এটি কাল সন্ধিয়া প্ৰয়াত সমোৰাম তালুকদাৰৰ পৰিয়ালটো বালিকুছি চ'কৰ সমীপৰ এটা দ খাৱৈত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছিল।
No comments