ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট, ৩০ ডিচেম্বৰ : সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী ঊনবিংশতিতম প্ৰথম ত্ৰি-বাৰ্ষিক অধিৱেশন আৰু ৰাজ্যিক ৬২ সংখ্যক প্ৰতি...
ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট, ৩০ ডিচেম্বৰ : সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী ঊনবিংশতিতম প্ৰথম ত্ৰি-বাৰ্ষিক অধিৱেশন আৰু ৰাজ্যিক ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱষৰ লগত সংগতি ৰাখি যোৰহাটৰ ঢেকিয়াজুলি খাটোৱাল সন্দিকৈ গাঁৱৰ নিবাসী তথা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰশিক্ষক বিশিষ্ট সমাজ কৰ্মী প্ৰয়াত গণেশ গগৈৰ সোঁৱৰণত পৰিয়াল বৰ্গই প্ৰস্তুত কৰা দক্ষিণ সোণাৰি গাঁৱৰ চাৰিআলিৰ সমীপত অধিৱেশনৰ আদৰণি তোৰণ খন আজি বিয়লি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ সভাপতি হেমেন শইকীয়াই।বয়োজ্যেষ্ঠ ব্যক্তি তথা পিছপৰা শ্ৰেণীৰ সদস্য দেৱকান্ত সন্দিকৈয়ে এগছি বন্তিপ্ৰজ্বলনে শুভাৰম্ভ কৰা আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা অনুষ্ঠানত পিছপৰা শ্ৰেণীৰ সম্পাদক জিন্টুমণি চুতীয়া, প্ৰচাৰ সম্পাদক অৰূপজ্যোতি বৰা,অসম পিছপৰা শ্ৰেণী কৰ্মচাৰী সন্মিলনৰ সাংগঠনিক তথা জিলাৰ সম্পাদক ক্ষেত্ৰধৰ বৰুৱা, অৱসৰ শিখক কোষেশ্বৰ গগৈ,চন্দ্ৰ গগৈ, নন্দেশ্বৰ গগৈ,জোগপ্ৰভা বৰা প্ৰমুখ্যে প্ৰয়াত গণেশ গগৈৰ সহৰ্ধমিনী মিনু গগৈ,পুত্ৰ,জীয়ৰী আৰু বহুসংখ্যক গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি প্ৰয়াত ব্যক্তি গৰাকীয়ৰ কৰ্মজীৱনীৰ আলোক পাত কৰে।লগতে উন্মোচকে আহা ১-২-৩ জানুৱাৰীত তিতাবৰ উন্নয়ন খণ্ড কাৰ্যালয় প্ৰাংগণত হবলগা প্ৰথম ত্ৰি-বাৰ্ষিক অধিৱেশনত সকলোৰে সহায় সহযোগিতা কামনা কৰে।
No comments