Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কৃষি আইন বাতিল নকৰিলে খেল ৰত্ন উভতাব বক্সাৰ বিজেন্দৰ সিঙেঃ দেশৰ সকলো সীমান্তৰ কৃষকৰে ভৰি পৰিছে দিল্লীৰ সীমান্ত

নতুন দিল্লী, ৭ ডিচেম্বৰ ঃ তিনি কৃষি আইনৰ বিৰুদ্ধে পঞ্জাব, হাৰিয়াণাৰ কৃষকে আৰম্ভ কৰা আন্দোলন এতিয়া দেশজুৰি বিয়পি পৰিছে। সমগ্ৰ দেশৰ কৃষকসকলে প...

নতুন দিল্লী, ৭ ডিচেম্বৰ ঃ তিনি কৃষি আইনৰ বিৰুদ্ধে পঞ্জাব, হাৰিয়াণাৰ কৃষকে আৰম্ভ কৰা আন্দোলন এতিয়া দেশজুৰি বিয়পি পৰিছে। সমগ্ৰ দেশৰ কৃষকসকলে পঞ্জাব, হাৰিয়াণাই আৰম্ভ কৰা আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাই নহয়, ৰাজধানী দিল্লীৰ সীমান্তত প্ৰতিবাদতো অংশ লৈছে। প্ৰায় দহটা দিন ধৰি ৰাজধানী দিল্লীৰ সীমান্তত দেশৰ কৃষকসকলে তিনি কৃষি আইন বাতিলৰ দাবীৰে চলাই আছে আন্দোলন। চৰকাৰৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰি কৃষক সংগঠনসমূহে ৰাজপথতো আন্দোলন চলাই আছে। কালি চৰকাৰৰ সৈতে কৃষক সংগঠনসমূহে পঞ্চমলানি বৈঠকত মিলিত হৈছিল। কিন্তু সেই বৈঠকত কোনো সুফল নাপালে কৃষক সংগঠনসমূহে। যাৰ বাবে ৰাজধানী দিল্লীৰ সীমান্ত ঘেৰি কৃষকসকলে আন্দোলন চলাই আছে। এই আন্দোলনে এতিয়া বিশাল ৰূপ ধাৰণ কৰিছে।

 উত্তৰ প্ৰদেশকে ধৰি দেশৰ সকলো প্ৰান্তৰ কৃষক এতিয়া ৰাজধানী দিল্লীৰ সীমান্তত আহি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে। এই আন্দোলন এতিয়া অধিক ভয়ংকৰ হৈ পৰিছে। যিহেতু সংগঠনসমূহে প্ৰকাশ কৰিছে- আইন বাতিল নোহোৱা পৰ্যন্ত তেওঁলোকৰ আন্দোলন চলি যাব। প্ৰয়োজনত সেই আন্দোলন ছমাহ-বছৰদিন ধৰিও চলিব। কৃষি আইন বাতিল নোহোৱালৈ ঘৰলৈ উভতি নোযোৱাৰ কথাও প্ৰকাশ কৰিছে কৃষক সংগঠনসমূহে। এই আন্দোলনবিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে পঞ্জাবৰ সংগীতশিল্পীসকলৰ উপৰি ক্ৰীড়াবিদসকলে সমৰ্থন আগবঢ়াইছে। আজি বক্সাৰ বিজেন্দৰ সিঙে ঘোষণা কৰিছে যে যদিহে চৰকাৰে তিনি কৃষি আইন বাতিল নকৰে তেন্তে ৰাজীৱ গান্ধী খেলৰত্ন তেওঁ ওভতাই দিব। ইয়াৰ উপৰি এই আন্দোলন এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাইছেগৈ। কৃষকসকলৰ সমৰ্থনত আমেৰিকাকে ধৰি বিভিন্ন ৰাষ্ট্ৰত শিখ সম্প্ৰদায়ৰ লোকসকলে আন্দোলন আৰম্ভ কৰিছে। কানাডাৰ চৰকাৰেও এই আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

No comments