গণ বাৰ্তা বিশেষ,পল্লাৰপাৰ,২০ ডিচেম্বৰ: বৰ্তমান শিক্ষাৰ অগ্ৰগতিৰ লগে লগে গাৱে-ভূঞে পুথিভঁড়াল গঢ় লৈ শিক্ষা জগতখনত এক নতুন দিগন্তৰ সূচনা কৰিছ...
গণ বাৰ্তা বিশেষ,পল্লাৰপাৰ,২০ ডিচেম্বৰ: বৰ্তমান শিক্ষাৰ অগ্ৰগতিৰ লগে লগে গাৱে-ভূঞে পুথিভঁড়াল গঢ় লৈ শিক্ষা জগতখনত এক নতুন দিগন্তৰ সূচনা কৰিছে। সেই একে লক্ষ্য আৰু উদ্দেশ্যৰে পুনৰ,উজ্জিৱিত হ'ল ভৱানীপুৰ মৌজাৰ আনন্দপুৰ গাঁৱৰ জ্ঞানোদয় পুথিভঁড়াল।১৯৫০-৫১ খ্ৰীঃতে আনন্দপুৰ গাঁৱৰ সেই সময়ৰ উদীয়মান কেইগৰাকীমান যুৱক ইয়াদ আলী, আব্দুল হামিদ, মতিয়াৰ ৰহমান, মফিজ উদ্দিন, ইন্তাজ আলী চৌধুৰীৰ নেতৃত্বত ভৱানীপুৰ মৌজাৰ আনন্দপুৰ গাঁৱত প্ৰতিষ্ঠা লাভ কৰিছিল পুথিভঁড়ালখন। পুথিভঁৰালটোৰ জহি-খহি যোৱা আলমিৰা এটা এতিয়াও আছে। সেই দূৰদৰ্শী ব্যক্তিসকলৰ প্ৰচেষ্টাক সন্মান জনাই তেওঁলোকৰ কৰ্মৰাজিক জীয়াই ৰাখিবলৈ আনন্দপুৰ গাঁও তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ উঠি অহা প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তুলিবলৈ পুথিভঁৰালটো পুনৰ উজ্জিৱিত কৰাৰ বাবে এক নতুন সমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে যোৱা ১৬ ডিচেম্বৰ তাৰিখে বৰপেটাৰ ভৱানীপুৰৰ আনন্দপুৰ গাঁৱৰ কোৰবান আলী চৌধুৰীৰ বাসভৱনত সন্ধিয়া ৫ বজাত এডিপি এম ই স্কুলৰ প্ৰধান শিক্ষক ওছমান গণিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে পল্লাপৰীয়া পুথিভঁড়ালৰ মুখ্য পৃষ্ঠপোষক মতিউৰ ৰহমান, শিক্ষক আব্দুল মোতালিব আৰু নতুন প্ৰজন্মৰ প্ৰতিনিধিসকল। সভাখনত অসমৰ পূৰ্ববংগীয় মূলৰ মুছলমানৰ লোক-সংস্কৃতিৰ গৱেষক-সংৰক্ষক, প্ৰচাৰক-প্ৰসাৰক তথা লেখক কোৰবান আলী চৌধুৰীক সভাপতি আৰু সচেতন যুৱক তথা এডিপি হজৰত ওচমান গণি (ৰাঃ) মডেল একাডেমী চমুকৈ হোগমাৰ শিক্ষক ৰাজন আলীক সম্পাদক হিচাপে লৈ এঘাৰজনীয়া এক সমিতি গঠন কৰা হয়।
No comments