ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ১৮ ডিচেম্বৰ : যোৰহাটৰ "দ' গাঁও অঞ্চলৰ কুহুম যোগনীয়া গাঁৱৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত পূর্ণ গতিত দৃশ্য গ্ৰহণৰ ...
ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ১৮ ডিচেম্বৰ : যোৰহাটৰ "দ' গাঁও অঞ্চলৰ কুহুম যোগনীয়া গাঁৱৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত পূর্ণ গতিত দৃশ্য গ্ৰহণৰ কাম চলি আছে সাংবাদিক প্ৰাঞ্জল প্ৰতিম বৰাই প্ৰযোজনা কৰা অসমীয়া গীত "অ মোৰ বোকা মাটি তয়ে দিবি সুখৰে সাঁজ " শীৰ্ষক গীতটিৰ । এই গীতটিৰ ভিডিও এলবামটোত অভিনয় কৰে অভিনেতা নবদ্বীপ শইকীয়া আৰু অভিনেত্ৰী প্ৰেৰণা বৰদলৈয়ে । কবি কুমুদ চন্দ্ৰ দাসে লিখা উক্ত গীতটোৰ সুৰ কৰে সুমন্ত পৰাশৰে । গীতটোত কণ্ঠ নিগৰাই বিশিষ্ট কণ্ঠ শিল্পী তৰালী শৰ্মাই । প্ৰাঞ্জল প্ৰদীপ ভৰালীৰ সংগীত ব্যৱস্থাপনাত প্ৰস্তুত হোৱা ভিডিও গীতটোৰ দৃশ্য গ্ৰহণৰ উপলক্ষে শুভ মুহোৰৎ অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰা শিক্ষাবিদ নবীন বৰাই । নাৰিকল ভাঙে বিশিষ্ট সাংবাদিক তথা প্ৰকৃতি প্ৰেমী অপূৰ্ব ভল্লব গোস্বামীয়ে । কেমেৰাত মাল্যাপন কৰে সাংবাদিক ৰমেন শইকীয়াই ।
No comments