Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আমিনগাঁওত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভাৰম্ভ কৰিলে ৪ খনকৈ নতুন আঁচনিৰ

পঙ্কজ নাথ, চাংসাৰি, ২৬ ডিচেম্বৰঃ কামৰূপ জিলাৰ আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি চাৰিখনকৈ নতুন আচনিৰ শুভাৰম্ভণি কৰে । বিকাশৰ বতৰ...


পঙ্কজ নাথ, চাংসাৰি, ২৬ ডিচেম্বৰঃ কামৰূপ জিলাৰ আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি চাৰিখনকৈ নতুন আচনিৰ শুভাৰম্ভণি কৰে । বিকাশৰ বতৰা লৈ তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূবলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি আমিনগাঁওৰ কুমাৰ ভাস্কৰ বৰ্ম্মন প্ৰেক্ষাগৃহত কেইবাখনো আঁচনিৰ শুভাৰম্ভ কৰি শ্বাহে কয় যে অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নৰ জৰীডাল সবল হৈছে। হিমন্ত বিশ্ব-সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম বিকাশৰ পথত দ্ৰোপদ দোপে আগবাঢ়ি গৈ আছে। ভাযণ প্ৰসংগত তেওঁ আৰু কয় যে ২০১৩ বৰ্ষতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যেতিয়ালৈকে উত্তৰ-পূৱৰ উন্নতি নহয় তেতিয়ালৈকে ভাৰতৰ উন্নতি অসম্ভৱ। সেয়েহে সকলোৱে উত্তৰ-পূৱক উন্নয়ণৰ ইঞ্জিন বনাবলৈ চেষ্টা কৰি আছে। অসমৰ সংস্কৃতি কেৱল মাত্ৰ অসমৰ সংস্কৃতি নহয় ই ভাৰতীয় সংস্কৃতিৰ অলংকাৰ বুলিও মন্তব্য কৰে অমিত শ্বাহে। শ্ৰীমন্ত শংকৰদেৱ অসমৰ সাহিত্য সংস্কৃতিক অন্য এক মাত্ৰা প্ৰদান কৰিলে। ভাৰতৰ সংস্কৃতিৰ সৈতে চিনাকি কৰি দিলে। কিন্তু বৰ্তমান শংকৰদেৱৰ জন্মস্থান অবৈধ বাংলাদেশীৰ কবলত। এতিয়া বটদ্ৰৱা থানৰ বাবে চৰকাৰৰ নতুন পৰিকল্পনা লোৱা হৈছে । বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে ১৮০কোটি টকা ঘোষণা কৰিলে অমিত শ্বাহে। স্বৰ্ণমন্দিৰৰ দৰে সজাই তোলা হ’ব ঐতিহাসিক বটদ্ৰৱা থানক। ইয়াৰ লগতে অসমৰ ৮০০০ নামঘৰলৈ ২.৫০কোটি টকা ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। ৰাজ্যত আৰু ১১খন নতুন আইন মহাবিদ্যালয় স্থাপন কৰা হ’ব। বৰ্তমানলৈ অসমত ৭খন মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। অসমৰ দৰিদ্ৰলোকসকলৰ সুবিধাৰ্থে আৰু ৬খন হাস্পতাল নিৰ্মাণ কৰা হব বুলি উল্লেখ কৰে । ইয়াৰ বাবে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে অমিত শ্বাহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ৩০বাৰতকৈ অধিক উত্তৰ-পূবলৈ আহিছে। ৰাস্তা-ঘাট, ৰে’ল তথা বিমানৰে দেশৰ বাকী ৰাজ্যৰে যোগাযোগ সুচল কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিবাৰেই মোদীয়ে উত্তৰ-পূবক নতুন উপহাৰ দিছে গতিকে উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ অসমত আকৌ বিজেপিৰে চৰকাৰ আহিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে। আজিৰ এই অনুস্থানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ নিজৰ ভাষনত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক প্ৰশংসাৰে উপচাই নতুন নতুন আচনি সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ, হাজাৰ হাজাৰ জনতা , বিজেপিৰ নেতা, পালিনেতা, যুৱকৰ্মী আদিৰ উপস্থিতিত এই কাৰ্য্যসূচী সুকলমে অনুষ্ঠিত হৈ যায়। আজিৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ উপস্থিত থকা অনুস্থানটোত মূখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ টেলী অসম চৰকাৰৰ ভালেকেইজন মন্ত্ৰী বিধায়কৰ লগতে, মূখ্যসচীব জিষ্ণু বৰুৱাকে আদি কৰি যথেষ্ট সংখ্যক প্ৰশাসনিক ও আৰক্ষী বিষয়া উপস্থিত থাকে। 

No comments