গণবাৰ্তা বিশেষ , ধুবুৰী, ১৪ ডিচেম্বৰ: ধুবুৰী জিলা পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত আৰু নগৰীয়া প্ৰাথমিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, ধুবুৰীৰ স...
গণবাৰ্তা বিশেষ , ধুবুৰী, ১৪ ডিচেম্বৰ: ধুবুৰী জিলা পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত আৰু নগৰীয়া প্ৰাথমিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, ধুবুৰীৰ সহযোগত টিটেনাছ প্লাছ (টিডি) টীককৰণ অভিযানৰ আজি নগৰীয়া প্ৰাথমিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ চৌহদত জিলা ভিত্তিক শুভাৰম্ভণী কৰা হয়। যুটীয়া সনচালক ডা: এছ এম ইমদাদুল্লাই আজিৰ অনুষ্ঠান টোৰ শুভাৰম্ভণী কৰে। আজিৰে পৰা ধুবুৰী জিলাত টিটেনাছ আৰু ডিফথেৰিয়া ভেকচিনেচনৰ টীকাকৰনৰ কাম আৰম্ভ হোৱাৰ লগতে জিলা খনৰ ১০ বছৰ আৰু ১৬ বছৰ বয়সৰ ল'ৰা-ছোৱালীক এই টি ডি ভেকচিন প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে। ধুবুৰী জিলাৰ প্ৰায় ৮২,০৩২ জন ল'ৰা-ছোৱালীক টিডি ভেকচিন দিয়াৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে বুলি যুটীয়া সনচালক ডা: এছ এম ইমদাদুল্লাই জানিবলৈ দিয়ে।
No comments