Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

খচৰা ভোটাৰ তালিকাত আসোঁৱাহ দূৰ কৰাৰ দাবীত উপায়ুক্তলৈ বজালী আমছুৰ স্মাৰক পত্ৰ প্ৰেৰণ

  গণ বাৰ্তা বিশেষ, পল্লাৰপাৰ, ১৫ ডিচেম্বৰ: শেহতীয়াভাৱে নিৰ্বাচনী আয়োগৰ দ্বাৰা প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ ...

 


গণ বাৰ্তা বিশেষ, পল্লাৰপাৰ, ১৫ ডিচেম্বৰ: শেহতীয়াভাৱে নিৰ্বাচনী আয়োগৰ দ্বাৰা প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে। সেয়ে আজি বজালী জিলা আমছুৰ সভাপতি জাকিৰ হুছেইন তালুকদাৰৰ নেতৃত্বত যোৱা এক সঁজাতি দলে বজালী জিলা মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ বজালী মহকুমাৰ বিভিন্ন ঠাইত অবৈধভাৱে চলি থকা জুৱাখেল প্ৰতিৰোধ কৰাৰ দাবীত আৰু ভোটাৰ তালিকা সমূহত হোৱা আসোঁৱাহ সমূহ দূৰ কৰাৰ দাবীত জিলা উপায়ুক্তলৈ  মহকুমাধিপতিৰ জৰিয়তে ছয় দফীয়া দাবীৰে পৃথকে পৃথকে দুখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। দাবী সমূহ এনেধৰণৰ- আবেদনৰ অন্তিম সীমা বৃদ্ধি কৰা, নাম কৰ্তন হোৱা লোকৰ আবেদনৰ বাবে ৬ নং ফৰ্মৰ সলনি বিকল্প ফৰ্মৰ ব্যৱস্থা কৰা, নাম কৰ্তনৰ জাননী প্ৰতিগৰাকী নাম কৰ্তন হোৱা লোকলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা, ভোটাৰ তালিকাত নাম কৰ্তন হোৱা সম্পৰ্কে নিৰ্বাচন আয়োগে ইলেক্ট্ৰনিক মেডিয়া, প্ৰিন্ট মেডিয়াৰ লগতে ৱেবছাইটত সৱিশেষ তথ্য আৰু বিজ্ঞপ্তি প্ৰকাশ কৰা, কাৰণবশত আবেদন কৰিব নোৱাৰা লোক সকলৰ নাম পূৰ্বৰ ভোটাৰ তালিকা পৰিক্ষণৰ যোগেদি বুথ পৰ্যায়ৰ বিষয়াৰ জৰিয়তে আবেদন কৰাই তেওলোকৰ নাম চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভূক্তি কৰা আৰু কোনো কাৰণতে এজনো ভাৰতীয়ৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ নপৰা লগতে বালাপাৰা,ভৱানীপুৰ আৰু সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত সংখ্যালঘু এলেকাত অবৈধভাৱে চলা জুৱা খেল বন্ধ কৰাৰ দাবীত পৃথকে পৃথকে দুখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে। উক্ত সঁজাতি দলটিত উপস্থিত থাকে বজালী জিলা আমছু সমিতিৰ উপ সভাপতি মো: আমিনুৰ ৰহমান, সাধাৰণ সম্পাদক মুকুল ইছলাম আৰু সাংগঠনিক সম্পাদক জেহেৰুল শিকদাৰে।

No comments